কয়াকুছিঃ বৰপেটা জিলাৰ বেতবাৰী মৌজাৰ অন্তৰ্গত বৰীয়াৰ পাথাৰৰ ৰাইজক প্ৰশাসনে উচ্ছেদৰ জাননী প্ৰেৰণ কৰিছে। সোমবাৰে বৰপেটা জিলা কৃষক সভাই উক্ত বৰীয়াৰ পাথাৰৰ লোকক বিকল্প সংস্থাপনৰ ব্যৱস্থা নকৰাকৈ উচ্ছেদ কাৰ্য বন্ধ ৰখাৰ দাবীৰে জিলা উপায়ুক্তলৈ প্ৰেৰণ কৰে এখন স্মাৰক পত্ৰ।

স্মাৰক পত্ৰখনৰ জৰিয়তে সভাই কয় যে- ‘বেতবাৰী মৌজাৰ বৰীয়া পাথাৰ সহ ৰিজাৰ্ভত বিভিন্ন গাঁৱৰ পৰা ভূমিহীন পৰিয়াল সমূ আহি যুগ যুগ ধৰি বসবাস কৰি আছে। এতিয়া এইসমূহ পৰিয়ালক সময় নিৰ্ধাৰিতভাৱে বসতি কৰি থকা ৭৯১ বিঘা ২ কঠা ১৮ লেছা মাটিৰ পৰা নিজে নিজে আঁতৰি যাবলৈ নিৰ্দ্দেশ দিয়া হৈছে। উক্ত গাঁৱত চৰকাৰীভাৱে বিদ্যালয়, উপ-স্বাস্থ্য কেন্দ্ৰ, অংগনৱাড়ী কেন্দ্ৰ, ৰাস্তা-ঘাট আদি নিৰ্মাণ কৰা হৈছে। কিন্তু পৰিতাপৰ বিষয় যে, ইয়াৰ পূৰ্বেও বহুবাৰ এই ভূমিহীন পৰিয়াল সমূক ভোগ দখল কৰি থকা মাটিৰ পট্টা দিয়াৰ বাবে আৱেদন কৰা হৈছিল। কিন্তু আজিলৈকে প্ৰশাসনৰ পৰা কোনো ধৰণৰ ইতিবাচক ব্যৱস্থা হাতত লোৱা পৰিলক্ষিত হোৱা নাই।’

লগতে বৰপেটা জিলা কৃষক সভাই স্মাৰক পত্ৰখনত লিখিছে যে- এনে অৱস্থাত পৰিয়াল সমুহক উচ্ছেদ কৰা হ’লে বিনা মেঘে বজ্ৰপাত হোৱাৰ দৰে হ’ব আৰু তেওঁলোকে জীয়াই থকাৰ কোনো উপায় নাথাকিব। সেয়ে নিখিল ভাৰত কৃষক সভাৰ বৰপেটা জিলা কমিটিয়ে মানৱীয়তাৰ দৃষ্টিভংগীৰে ঘটনাটো গুৰুত্ব অনুধাৱন কৰি বিকল্প ব্যৱস্থা নোহোৱাকৈ অমানৱীয় উচ্ছেদ কাৰ্য বন্ধ ৰখা আৰু ভূমিহীন কৃষকক দখলীকৃত মাটিৰ পট্টা দিয়াৰ ব্যৱস্থা কৰা আদি দাবী সন্নিবিষ্ট তথা কৃষক সভাৰ বৰপেটা জিলা সমিতিৰ সম্পাদক হাশিম আলী স্বাক্ষৰিত এখন স্মাৰক পত্ৰ প্ৰদান কৰে।

স্মাৰক পত্ৰখনত প্ৰদান কৰাৰ সময়ত উপস্থিত থাকে চিপিআইএমৰ কয়াকুছি লোকেল কমিটিৰ সম্পাদক পিয়াৰুল ইছলাম,কৃষক নেতা চিত্তৰঞ্জন দাস, কলিমুদ্দিন, জয়নাল আবদীনকে আদি কৰি কেইবাজনো কৃষক নেতা। স্মাৰক পত্ৰ বৰপেটা জিলা উপায়ুক্তলৈ প্ৰেৰণ কৰাৰ লগতে ইয়াৰ প্ৰতিলিপি বৰপেটাৰ সাংসদ তথা বৰপেটা জিলাৰ বিধায়ক সকলৈ প্ৰেৰণ কৰা বুলি জানিব পৰা গৈছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,991 other subscribers

Leave a comment

Leave a Reply