সামৰণি পৰিল বৰপেটা দৌল মহোৎসৱৰ লোকে লোকাৰণ্য হৈ পৰিল মহোৎসৱস্থলী৷ দৌলগোবিন্দ মহাপ্ৰভূ আৰু কলীয়া ঠাকুৰ গোঁসাইক দুখন দোলাত তুলি গায়ন-বায়ন, বুঢ়াসত্ৰীয়া প্ৰমুখ্যে হেজাৰ হেজাৰ ভক্তই আজি কলবাৰী সত্ৰলৈ হেকেটা খুৱাবলৈ লৈ যায় ৷
ধৰ্মীয় বিশ্বাস আৰু লৌকিক পৰম্পৰাৰে পালিত হৈ অহা মাহজাতীয় শস্য হেকেটা খুৱাই গোঁসাইক কলবাৰী সত্ৰৰ পৰা বৰপেটা সত্ৰলৈ উভতিল অনাৰ পথত বৰপেটা সত্ৰৰ দালানৰ সমুখ পোৱাৰ সময়তে সত্ৰৰ টুপৰ চোতালত অনুষ্ঠিত কৰা হয় বাঁহ ভঙা কাৰ্য ৷ইয়াৰ পিচতে গোঁসাইক সত্ৰৰ কীৰ্তনঘৰৰ চাৰিওফালে সাত পাক প্ৰদক্ষিণ কৰাই মণিকূট গৃহত প্ৰৱেশ কৰোৱা হয় ৷

দুয়োজনা গোঁসাই মণিকূট গৃহত প্ৰৱেশৰ পূৰ্বে পৰম্পৰাগত বোলবোলনি অনুষ্ঠান অনুষ্ঠিত হয় ৷ লগতে গোঁসাই মণিকূটত প্ৰৱেশৰ লগে লগে সামৰণি পৰে হেঁপাহৰ দৌল মহোৎসৱ ৷ এই দৌল উৎসৱৰ দিনকেইটাত সত্ৰনগৰী হৈ পৰে প্ৰাণচঞ্চলা ।
দৌল উৎসৱ উপলক্ষ্যে সত্ৰনগৰী বৰপেটাত আয়োজিত সুঁৱেৰী উৎসৱ উপভোগ কৰিলে জৰ্জিয়াৰ ৰাষ্ট্ৰদূত আৰ্চিল জুলিয়াছ ভিলিয়ে ৷ ৰাষ্ট্ৰ দূত গৰাকীক সত্ৰ পৰিচালনা সমিতিয়ে নহাটী চকত গামোছাৰে আদৰণি জনোৱাৰ পিছত ঢুলীয়া, হোলীগীতৰ দলে সত্ৰলৈ আদৰি আনে ৷ সত্ৰৰ চৌহদত প্ৰবেশ কৰি গোঁসাই কলবাৰী সত্ৰলৈ হেকতা খুৱাবলৈ নিয়া দৃশ্য প্ৰত্যক্ষ কৰি পিছত সত্ৰ চৌহদ পৰিভ্ৰমণ কৰে ৷