অসমতো আজি উদযাপন কৰা হৈছে ফাকুৱা উৎসব৷ প্ৰায় ৫৫০ বছৰৰো অধিক প্ৰাচীন পৰম্পৰা অক্ষুণ্ণ ৰাখি উদযাপন কৰি অহা সত্ৰনগৰী বৰপেটাত এইবাৰো দেখা পোৱা গ’ল প্ৰাণৰ উৎসৱ হোলীক লৈ ব্যাপক উছাহ ৷
আবিৰৰ ৰঙেৰে ৰঙীয়াল সত্ৰনগৰী বৰপেটা হৈ পৰিল লোকে লোকাৰণ্য ৷ হোলী উদযাপনৰ ক্ষেত্ৰত সদায়ে ব্যতিক্ৰম সত্ৰনগৰী বৰপেটা ৷ কিয়নো ইয়াত প্ৰাণ পাই উঠে থলুৱা হোলী গীত ৷ সেইবাবেই এইবাৰো আবিৰ আৰু হোলীগীতৰ অমীয়া সুৰৰ মূৰ্ছনাত মুখৰিত হৈ পৰিল বৰপেটাৰ আকাশ-বতাহ ৷
সকলো সুখ-দুখ পাহৰি কেৱল কৃষ্ণভক্তি আৰু ৰঙেৰে ৰঙীয়াল হৈ পৰা দেখা পোৱা গ’ল সকলোকে । পূৰ্বৰ পৰাই মহা আড়ম্বৰপূৰ্ণভাৱে পালন কৰি অহা বৰপেটা সত্ৰৰ দৌল উৎসৱ কেৱল অসমতেই নহয় ভাৰতবৰ্ষতো বিখ্যাত । যাৰ বাবে আবিৰৰ ৰঙৰ সৈতে হোলীগীতৰ আমেজ ল’বলৈ সত্ৰনগৰী বৰপেটাত ভিৰ কৰেহি দেশী-বিদেশী পৰ্যটকে ৷

আজিৰ দিনটোত দেখা গ’ল বৰপেটাৰ ঐতিহাসিক কীৰ্ত্তন ঘৰত উলহ-মালহেৰে পালন কৰা দৌল উৎসৱত অংশ লৈছে অগণন ৰাইজে।
হোলী গীতৰ মূৰ্ছনাত মুখৰ হৈ পৰিছে বৰপেটাৰ বাইশখন হাটী৷ বৰপেটা সত্ৰৰ দালানৰ সন্মুখত ডেকাসকলে ঢোল, তাল, খুঞ্জুৰী লৈ প্ৰাণ ঢালি হোলী গীত গাইছে।
বৰপেটা সত্ৰৰ দৌল উৎসব এইবাৰ চাৰিদিনীয়া হোৱা হেতুকে আজি তৃতীয় দিনাও ভৰদৌলৰ অনুষ্ঠানত অংশ লৈছে অগনন ৰাইজে। বৰপেটা সত্ৰত প্ৰতিদিনে হোৱা চৈধ্য প্ৰসঙ্গৰ সৈতে ভৰদৌল উপলক্ষে কিছু সংযোগ ঘটোৱা হয়।