বৰপেটাঃ বৰপেটাৰ সুন্দৰীদিয়া সত্ৰৰ বুঢ়া সত্ৰাধিকাৰ জগন্নাথ অধিকাৰীৰ মৃত্যু৷ সত্ৰীয়া সংস্কৃতিৰ সাধকগৰাকীৰ যোৱা নিশা প্ৰায় ১১ বজাত চিকিৎসাধীন অৱস্থাত গুৱাহাটীৰ লাচিত নগৰত মৃত্যু হয় ৷

মৃত্যুৰ সময়ত বুঢ়া সত্ৰাধিকাৰ বাপজনাৰ বয়স হৈছিল প্ৰায় ৭২ বছৰ ৷ মৃত্যুৰ সময়ত তেওঁ পত্নী, পুত্ৰৰ লগতে বহু আত্মীয়-স্বজনক এৰি থৈ যায় ৷

সুন্দৰীদিয়া সত্ৰখনৰ তেওঁ ডেকা সত্ৰাধিকাৰ হিচাপে সেৱা আগবঢ়াৱোৰ পিছত ২০১৬ চনত তেওঁক বুঢ়া সত্ৰাধিকাৰৰ দায়িত্ব অৰ্পণ কৰা হৈছিল ৷

দীৰ্ঘকাল সত্ৰীয়া সংস্কৃতিৰে জড়িত সুন্দৰীদিয়া সত্ৰৰ সত্ৰাধিকাৰ জগন্নাথ অধিকাৰী অসম জাতীয় মহাসভাৰ কাৰ্যকৰী সভাপতি, অসম সত্ৰ মহাসভাৰ বৰপেটা জিলা সমিতিৰ সভাপতি হিচাপেও কাৰ্যনিৰ্বাহ কৰি আছিল ৷

সত্ৰাধিকাৰ বাপজনাৰ মৃত্যুত সত্ৰনগৰী বৰপেটাৰ লগতে সমগ্ৰ ৰাজ্যজুৰি পৰিছে শোকৰ ছাঁ ৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,999 other subscribers

Leave a comment

Leave a Reply