নিউজ ডেস্কঃ বৰপেটাত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ৬টা সন্ত্ৰাসবাদীক । বাংলাদেশত অল-কায়দাৰ সৈতে যোগাযোগ থকাৰ সন্দেহতে গ্ৰেপ্তাৰ কৰা হৈছে সন্দেহযুক্ত সন্ত্ৰাসবাদী কেইটাক। এছপি অমিতাভ সিনহাই এই সন্দৰ্ভত সাংবাদিকৰ আগত কয়- ”গ্ৰেপ্তাৰ কৰা আটাইকেইজন অল-কায়দাৰ সৈতে জড়িত থকাৰ সন্দেহতে হাউলীৰ মাদ্ৰাছাত গ্ৰেপ্তাৰ কৰা হয় সন্দেহযুক্ত সন্ত্ৰাসবাদী কেইটাক।”

লগতে আৰক্ষী বিষয়া গৰাকীয়ে কয়- ” আমি যোৱা ৪ মাৰ্চত গ্ৰেপ্তাৰ কৰা এটা জেহাদীয়ে দিয়া তথ্যৰ ভিত্তিতে এই ৬জনক গ্ৰেপ্তাৰ কৰিছো।” উল্লেখযোগ্য যে, আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা আটাইকেইজন বৰপেটাৰে নিবাসী আৰু আটাইকেইজনৰে প্ৰত্যক্ষ যোগাযোগ আছে মহম্মদ সুমন ওৰফে ছৈফুল ইছলামৰ সৈতে। ছৈফুল ইছলাম অল-কায়দাৰ এজন সদস্য।

উল্লেখ্য যে, যোৱা ৪ মাৰ্চত বৰপেটাত আৰক্ষীয়ে আটক কৰিছিল ৫জনক। ইয়াৰে এজন বাংলাদেশৰ নাগৰিক। গোটেইকেইজনৰে বাংলাদেশৰ সন্ত্ৰাসবাদী সংগঠনৰ সৈতে সম্পৰ্ক থকা বুলি অভিযুক্ত আছিল।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,841 other subscribers

Leave a comment

Leave a Reply Cancel reply