নিউজ ডেস্কঃ দীপাৱলী বুলি ক’লেই প্ৰথমেই মনলৈ আহে ৰং-বিৰঙৰ চাকি, ফুলজাৰি, আতচবাজী, ফটকা। দেৱালীৰ নিশা আতচবাজীৰ পোহৰেৰে ৰঙীন হৈ উঠে চৌপাশ। দীপাৱলীৰ বাহিৰেও বিভিন্ন উৎসৱ, বিবাহকে ধৰি অন্যান্য অনুষ্ঠানবোৰতো আতচবাজীৰ পোহৰেৰে পোহৰাই তোলা হয়।

অসমৰ আতচবাজী উদ্যোগৰ ১৩৫ বছৰতকৈও অধিক পুৰণি বৰপেটাৰ থলুৱা আতচবাজীয়ে সকলোকে আকৰ্ষণ কৰি আহিছে। বৰপেটাৰ এই আতচবাজীৰ উদ্যোগটোক অসমৰ অন্যতম প্ৰধান উদ্যোগ হিচাপে গণ্য কৰা হয়। 

আতচবাজীৰ এই উদ্যোগে অসমৰ অৰ্থনীতিত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। অসমৰ অৰ্থনীতিত আতচবাজী উদ্যোগটোৰ এক মুখ্য অৱদান আছে। পিছে এই উদ্যোগটোৱে নানা সময়ত প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলগীয়া হৈছে।

কেঁচা সামগ্ৰীৰ অভাৱ আৰু আকাশলংঘী মূল্যবৃদ্ধিয়ে আতচবাজী শিল্পই বিভিন্ন সময়ত বিভিন্ন ধৰণৰ প্ৰতিবন্ধতকাৰ সন্মুখীন হৈ আহিছে। ইয়াৰ লগতে বহিঃৰাজ্যৰ পৰা অহা সস্তীয়া আতচবাজীয়েও বজাৰ দখল কৰিছে। যিবোৰ থলুৱা আতচবাজীৰ তুলনাত মূল্য কম। বহুঠাইত সাধাৰণতে মানুহে থলুৱা আতচবাজীবোৰতকৈ কম দামত আতচবাজী ক্ৰয় কৰাটো পছন্দ কৰে। যদিও হস্তনিৰ্মিত আতচবাজী বহু শতিকা ধৰি অসমৰ সাংস্কৃতিক ঐতিহ্যৰ অংশ হৈ আহিছে, কিন্তু বহিঃৰাজ্যৰ কম মূল্যত উপলব্ধ আতচবাজীৰ ফলত থলুৱা আতচবাজীৰ জনপ্ৰিয়তা হ্ৰাস পাইছে।

হস্তনিৰ্মিত আতচবাজী সমূহ বাঁহৰ কাঠি, ৰাসায়নিক পাউডাৰেৰে তৈয়াৰ কৰা হয়। ইয়াক প্ৰস্তুত কৰিবলৈ কঠোৰ পৰিশ্ৰমৰ প্ৰয়োজন। এই আতচবাজী তৈয়াৰ কৰিবলৈ বাঁহক মূল উপাদান হিচাপে ব্যৱহাৰ কৰা হয় কিয়নো ই পাতল, বিস্ফোৰণৰ সময়ত উচ্চ চাপ সহ্য কৰিবলৈ যথেষ্ট মজবুত। 

অসমৰ আতচবাজী উদ্যোগটোৱে পোহৰৰ প্ৰতি গুৰুত্ব দি আতচবাজী নিৰ্মাণ কৰে । আনহাতে, প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদেও সেউজ দেৱালী উদযাপন কৰিবলৈ নিৰ্দেশ দিছে।

সেউজীয়া ফটকা হৈছে বৈজ্ঞানিক আৰু ঔদ্যোগিক গৱেষণা পৰিষদৰ (চিএছআইআৰ) দ্বাৰা বিকশিত এক প্ৰকল্প। এই সেউজীয়া ফটকা বনোৱাৰ প্ৰক্ৰিয়াটোৱে জলীয় বাষ্প আৰু কাৰ্বন ডাই অক্সাইডক আৱৰ্জনা হিচাপে নিৰ্গত কৰে। সেউজীয়া ফটকাত প্ৰদূষণ নকৰা ৰাসায়নিক পদাৰ্থ থাকে, য’ত কোনো বিষাক্ত উপাদান নাথাকে। 

এই ফটকাসমূহ ছডিয়াম নাইট্ৰেট, কয়লা, ছালফাৰ আৰু পটাছিয়াম নাইট্ৰেটৰ সংমিশ্ৰণেৰে তৈয়াৰ কৰা হয়।

সেউজীয়া ফটকাৰ শব্দ পৰম্পৰাগত ফটকাতকৈ বহুত কম। পৰম্পৰাগত ফটকাৰ তুলনাত সেউজীয়া ফটকাৰ নিৰ্গমনৰ হাৰ কম আৰু পৰিৱেশৰ বাবে কম ক্ষতিকাৰক। পিছে সেউজীয়া ফটকা বজাৰত সহজে উপলব্ধ নহয়। এই আতচবাজীত কোনো বিশেষ ক্ষতিকাৰক বা পৰিৱেশ প্ৰদূষণ কৰিব পৰা সামগ্ৰী ব্যৱহাৰ কৰা নহয়।সামান্য পৰিমাণে ক্ষতিকাৰক হ’লেও সিমান ক্ষতিকাৰক নহয়। তদুপৰি হাতেৰে প্ৰস্তুত কৰা আৰু মাটিৰ খোলা ব্যৱহাৰ কৰি প্ৰস্তুত কৰা আতচবাজী ফুটোৱাৰ সময়ত শিশু তথা আন লোকৰ ক্ষতি হোৱাৰ সম্ভাৱনা কম।

অসমৰ আতচবাজী উদ্যোগে সমাজৰ সকলো শ্ৰেণীৰ লোকৰ বাবে নিযুক্তিৰ সুযোগ প্ৰদান কৰিছে। জানিব পৰা মতে, অসমত ৫০ খন গাঁৱৰ প্ৰায় ১৫,০০০ পৰিয়াল আতচবাজী শিল্পৰ লগত জড়িত হৈ আছে।এই উদ্যোগটোৱে বহুতো মহিলাৰ জীৱিকা পথো মুকলি কৰি দিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply