নিউজ ডেস্কঃ অৱশেষত UAPA গোচৰৰ পৰা দোষমুক্ত হ’ল বৰ্ষাশ্রী শদিয়াখোৱা বুঢ়াগোহাঁই । গোলাঘাটৰ আদালতৰ নিৰ্দেশমতে বৃহস্পতিবাৰে গোলাঘাট জিলা আৰু সত্ৰ ন্যায়াধীশ আদালতত ন্যায়াধীশ দিব্যজ্যোতি মহন্তৰ বিশেষ আদালতত হাজিৰ হয় বৰ্ষাশ্রী ।

ন্যায়াধীশ দিব্যজ্যোতি মহন্তই বেআইনী কার্যকলাপ প্ৰতিৰোধ আইনৰ অধীনত দোষমুক্ত বুলি ৰায়দান প্ৰদান কৰি কয় যে, কাব্যিক অনুভূতি কেতিয়াও UAPA ৰ আইনত দোষী হ’ব নোৱাৰে।

যোৰহাটৰ টীয়কৰ বাসিন্দা তথা ডি চি বি কলেজৰ ছাত্রী বর্ষাশ্রী বিগত বছৰত সামাজিক মাধ্যমত আলফা (স্বাধীন)ৰ সমৰ্থনত কবিতা লিখিছিল। তাৰ পিছতেই ছাত্ৰীগৰাকী চৰকাৰৰ ৰোষত পৰি UAPA ৰ অধীনত ২০২২ চনৰ ১৮ মে’ত বান্ধৱীৰ ঘৰৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল। ৬৫ দিন ধৰি গোলাঘাট জিলা কাৰাগাৰত কাৰাবাস খটা থকাৰ সময়ত বর্ষাশ্রীয়ে জেলৰ পৰাই পৰীক্ষাত অৱতীৰ্ণ হ’বলগীয়া হৈছিল।  

বৰ্ষাশ্ৰী কাৰাগাৰত থকা সময়ত প্ৰাক্তন অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তয়ে  কৰা মন্তব্য চৰ্চা লাভ কৰিছিল। মহন্তয়ে কৈছিল যে, “আইজনী আলফালৈ যাব নালাগে জেলতেই থাক”।

দোষমুক্ত হোৱাৰ পিছতেই বৰ্ষাশ্ৰীয়ে সংবাদ মাধ্যমৰ আগত কয় যে, অসম আৰক্ষীয়ে খাকী পোছাকৰ ক্ষমতাৰ অপপ্রয়োগ কৰিছে আৰু উৰিয়ামঘাট থানাত উকা কাগজত চহী কৰাই মোৰ বিৰুদ্ধে আৰক্ষীয়ে ষড়যন্ত্রত লিপ্ত হৈছিল।

ইফালে বৰ্ষাশ্ৰীৰ জ্যেষ্ঠ ভাতৃ অৰিন্দম বুঢ়াগোহাঁয়ে সমগ্ৰ ঘটনাটো বিৰুদ্ধে সৰৱ কয় যে, একাংশ বিজেপি নেতা আৰু প’ৰ্টেলৰ বিৰুদ্ধে তেওঁ আদালতৰ দ্বাৰস্থ হ’ব।

লগতে পঢ়ক- মেট্ৰিকৰ MIL আৰু English (IL) বিষয়ৰ পৰীক্ষা বাতিল

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,841 other subscribers

Leave a comment

Leave a Reply Cancel reply