শিৱসাগৰ – ছ’চিয়েল মিডিয়াত দেশদ্ৰোহ সংক্ৰান্তীয় পোষ্ট কৰি কাৰাবাস খাটিবলগীয়া হোৱা বৰ্ষাশ্ৰী বুঢ়াগোঁহাইয়ে ইতিমধ্যে মুক্তি লাভ কৰিলে। ছ’চিয়েল মিডিয়া আৰু সংবাদ মাধ্যমে সৃষ্টি কৰা ব্যাপক চৰ্চাৰ পিছতে জামিনত মুক্তি লাভ কৰিছিল বৰ্ষাশ্ৰীয়ে। পিছে বৰ্ষাশ্ৰী বুঢ়াগোঁহাইয়ে ফে’চবুকত যিটো পোষ্ট লিখি কাৰাগাৰলৈ যাবলগীয়া হৈছিল, সেই একেটা পোষ্টতে এক আপত্তিজনক ‘কমেণ্ট’ কৰি কাৰাগাৰলৈ যাবলগীয়া হৈছিল শিৱসাগৰৰ আন এগৰাকী যুৱক বিতুপন চাংমাই। বৰ্ষাশ্ৰীৰ ক্ষেত্ৰত যিদৰে সামাজিক মাধ্যমত চৰ্চা হ’ল, সেই অনুৰূপে চৰ্চা লাভ নকৰিলে বিতুপন চাংমাইয়ে।
অৱশ্যে প্ৰায় তিনিমাহৰ অন্তত কাইলৈ মুকলি আকাশৰ তললৈ আহিব বিতুপন চাংমাই। উল্লেখ্য যে কালিয়েই জামিন লাভ কৰিছে বিতুপনে। শিৱসাগৰ জিলা সত্ৰ ন্যায়াধীশ আদালতে কালি মঞ্জুৰ কৰে ৰাষ্ট্ৰদ্ৰোহ গোচৰত কাৰাবন্দী হৈ থকা বিতুপন চাংমাইৰ জামিন।
সামাজিক মাধ্যমত কবিতা লিখি কাৰাবন্দী হোৱা বৰ্ষাশ্ৰীৰ ফেচবুক পোষ্টত কমেন্ট কৰাৰ বাবে প্ৰায় তিনি মাহৰ পূ্ৰ্বে আমগুৰি আৰক্ষীয়ে ঘৰৰ পৰা উঠাই আনিছিল বিতুপন চাংমাইক। পৰৱৰ্তী সময়ত বিতুপনক আমগুৰি থানাত ৰুজু হোৱা ৫৩/২০২২ নম্বৰ গোচৰৰ আধাৰত গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰিছিল।
ফেচবুকত কমেন্ট কৰিয়েই সুদীৰ্ঘ তিনিমাহ বন্দীত্ব জীৱন কটোৱাৰ অন্তত কালি জামিন লাভ কৰে বিতুপনে। কাইলৈ অৰ্থাৎ ২০ আগষ্টত কাৰাগাৰৰ পৰা মুকলি আকাশৰ তললৈ আহিব বিতুপন।