স্মৃতি প্ৰিয়া লাহন,টীয়কঃ ৬৫ টাকৈ দিন কাৰাৰুদ্ধ জীৱন কটাই ন্যায়ালয়ৰ নিৰ্দেশত শুকুৰবাৰে মুকলি আকাশৰ তললৈ অহা বৰ্ষাশ্ৰী বুঢ়াগোহাঁই আজি পুৱা নিজৰ আপোন ঘৰখনত পৰিয়ালৰ লোকৰ সৈতে একেলগে চাহ খাই, ঘৰৰ যাৱতীয় কাম-কাজ কৰি দৈনন্দিন জীৱনত ব্যস্ত হৈ পৰে।

উল্লেখ্য যে, ফেচবুকত কবিতা লিখাৰ বাবে ইমান এটা জটিলতাত সোমাই পৰিব বুলি কোনোমতেই ভাবিব পৰা নাছিলে আৰু সেয়া এক দুঃস্বপ্ন বুলি অনুভৱ কৰি নিজৰ লক্ষ্যত উপনীত হ’বলৈ তথা মাতৃ-পিতৃ পৰিয়ালৰ আশা-আকাংক্ষা পূৰণ কৰিবলৈহে এতিয়া নতুনকৈ জীৱন আৰম্ভ কৰিব বুলি মন্তব্য কৰিছে মেধাবী ছাত্ৰীগৰাকীয়ে।

ইপিনে অহা ৩০ তাৰিখে পুনৰ আপোন মহাবিদ্যালয়খনত পৰীক্ষাত অৱতীৰ্ণ হ’ব বৰ্ষাশ্ৰী। সেয়ে এতিয়া নিজৰ পঢ়াশুনাৰ প্ৰস্তুতি চলাব বৰ্ষাশ্ৰীয়ে। পৰিয়ালৰ লোকেও বৰ্ষাশ্ৰীক এই মূহুৰ্তত সকলোফালৰ পৰা সহাৰি প্ৰদৰ্শন কৰি সমূহ ৰাইজ, দল সংগঠন তথা অসম চৰকাৰলৈ ধন্যবাদ জ্ঞাপন কৰিছে লগতে বৰ্ষাশ্ৰীৰ দৰে মেধাবী ছাত্ৰীক আগুৱাই নিয়াৰ ক্ষেত্ৰত চৰকাৰৰ সহযোগিতা কামনা কৰিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,993 other subscribers

Leave a comment

Leave a Reply