এফালে ৰাজ্যজুৰি ড্ৰাগছ বিৰোধী অভিযান চলাই আৰক্ষীয়ে চমক সৃষ্টি কৰাৰ বিপৰীতে এই অভিযুক্তবোৰৰ বিৰুদ্ধে চার্জশ্বীট–কেচ ডায়েৰী দাখিল কৰাত চূড়ান্ত হেমাহি প্রদর্শন কৰি আহিছে অসম আৰক্ষীয়ে৷ যাৰ সুৰঙা লৈ নিচাযুক্ত সামগ্রীৰ একাংশ সৰবৰাহকাৰীয়ে আইনৰ সুৰুঙাৰে জামিনত মুকলি হৈ মুক্ত আকাশৰ তললৈ ওলাই আহিবলৈ সক্ষম হৈছে৷
শেহতীয়াকৈ বশিষ্ঠ আৰক্ষীয়ে ভাং সৰবৰাহৰ অভিযোগত গ্রেপ্তাৰ কৰা তিনিগৰাকী মহিলাই আদালতত জামিন লাভ কৰাৰ পাছতে উন্মোচিত হৈছে মহানগৰ আৰক্ষীৰ সোপাঢ়িলা স্থিতি৷ সময় মতে কেচ ডায়েৰী দাখিল নকৰা বাবে নিম্ন আদালতত ৰাণ্টু বেগম আৰু সুমিত্রা বসুমতাৰী নামৰ দুগৰাকী অভিযুক্তই নিম্ন আদালতত জামিন লাভ কৰিবলৈ সক্ষম হৈছে৷ সেইদৰে সোমবাৰে একেটা গোচৰত অভিযুক্ত আন এগৰাকী মহিলা বিমলা কলিতাই গুৱাহাটী উচ্চ ন্যায়ালয়ৰ পৰা লাভ কৰিছে জামিন৷
চলিত বর্ষৰ ২ এপ্রিলত বশিষ্ঠৰ সন্ধ্যাচল নগৰত অভিযান চলাই সুমিত্রা বসুমতাৰী নামৰ এগৰাকী মহিলাক গ্রেপ্তাৰ কৰিছিল বশিষ্ঠ আৰক্ষীয়ে৷ মহিলাগৰাকীৰ বাসগৃহত অভিযান চলাই বশিষ্ঠ আৰক্ষীয়ে জব্দ কৰিছিল ১.৭ কিলোগ্রাম গাঞ্জা৷ মহিলাগৰাকীয়ে আৰক্ষীৰ আগত দিয়া স্বীকাৰোক্তি অনুসৰি তেওঁ বেহৰবাৰীৰ কমলাবাৰী নিৱাসী ৰাণ্টু বেগম নামৰ এগৰাকী মহিলাৰ পৰা গাঞ্জা ক্রয় কৰি বিক্রী কৰি আহিছে৷ পৰৱর্তী সময়ত ৰাণ্টু বেগমকো বশিষ্ঠ আৰক্ষীয়ে গ্রেপ্তাৰ কৰে৷ বেগমে আৰক্ষীৰ আগত সদৰী কৰা অনুসৰি তেওঁ জালুকবাৰীৰ ৰে’ল গেটৰ অজিত আলী নামৰ এজন লোকৰ পৰা ক্রয় কৰি আহিছে গাঞ্জা৷ মহানগৰ আৰক্ষীয়ে দাখিল কৰা এজাহাৰত এই তথ্য উল্লেখ কৰা হৈছে৷
বশিষ্ঠ আৰক্ষীৰ একেটা গোচৰতে পৰৱর্তী সময়ত বিমলা কলিতা নামৰ মহিলাগৰাকীকো গ্রেপ্তাৰ কৰা হয়৷ কিন্তু সুমিত্রা বসুমতাৰীয়ে যোৱা ২৪ মে’ত কামৰূপ মহানগৰ জিলাৰ সত্র ন্যায়াধীশৰ আদালতত জামিন লাভ কৰে৷ ৫২ দিন ধৰি জে’লত থকাৰ পাছতো এই মহিলাগৰাকীৰ বিৰুদ্ধে বশিষ্ঠ আৰক্ষীৰ সংশ্লিষ্ট তদন্তকাৰী বিষয়াই আদালতত দাখিল কৰিব নোৱাৰিলে কেচ ডায়েৰী৷সমান্তৰালভাৱে ৰাণ্টু বেগম নামৰ অভিযুক্ত মহিলাগৰাকীয়েও যোৱা ২৯ মে’ত কামৰূপ মহানগৰ জিলাৰ অতিৰিক্ত সত্র ন্যায়াধীশৰ আদালতত জামিন লাভ কৰে৷ বাৰম্বাৰ সোঁৱৰাই দিয়াৰ পাছতো তদন্তকাৰী বিষয়াই আদালতত দাখিল কৰিব নোৱাৰিলে কেচ ডায়েৰী৷
কেচ ডায়েৰী দাখিল কৰাৰ বাবে আদালতে সংশ্লিষ্ট আৰক্ষীক কেইবাবাৰো সময় দিছিল যদিও তেওঁলোক এইক্ষেত্রত ব্যর্থ হয়৷ ফলত ২৯ মে’ত ৰাণ্টু বেগমক এন ডি পি এছ আইনৰ ২০(বি)/২৯ ধাৰাৰ অধীনত বশিষ্ঠ আৰক্ষী থানাত ৰুজু হোৱা ৬৩২/২০২১ নম্বৰৰ গোচৰত জামিন প্রদান কৰে অতিৰিক্ত সত্র ন্যায়াধীশৰ আদালতে৷ ইপিনে, সুমিত্রা বসুমতাৰী নামৰ অভিযুক্ত মহিলাগৰাকীৰ বিৰুদ্ধে আইন অনুসৰি নির্ধাৰিত সময় পাৰ হোৱাৰ পাছতো চার্জশ্বীট দাখিল নকৰা বাবে সোমবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে তেওঁৰ জামিন মঞ্জুৰ কৰে৷
জামিন আবেদন ১০১০/২০২১ নম্বৰৰ আবেদনৰ শুনানি গ্রহণ কৰি উচ্চ ন্যায়ালয়ে মহিলাগৰাকীৰ জামিন মঞ্জুৰ কৰে৷
লগতে পঢ়ক এটা বাল্ব ব্যৱহাৰ কৰা পৰিয়ালৰ বিদ্যুৎৰ বিল আহিল ২৪ হাজাৰ টকা