নগাঁওঃ বটদ্ৰৱাত বেদখলীকৃত ভূমি উচ্ছেদৰ বাবে চৰকাৰক আহ্বান জনাইছে নৰোৱা সত্ৰৰ সত্ৰাধিকাৰ দেবানন্দ দেবগোস্বামীৰ। আজি নগাঁও জিলা উপায়ুক্তৰ কাৰ্যালয়ত উপস্থিত হৈ সাংবাদিকৰ আগত সত্ৰাধিকাৰগৰাকীয়ে কয়- ”হিন্দু-মুছলমানে শান্তি-সম্প্ৰীতিৰে বটদ্ৰৱাত থাকিব বিচাৰে। উচ্ছেদে শান্তি-সম্প্ৰীতি বিনষ্ট কৰিব নোৱাৰে।”
আকাশীগঙ্গা পাৰত হোৱা খহনীয়া ৰোধৰ বাবে জিলা উপায়ুক্তক স্মাৰক পত্ৰ ও প্ৰদান কৰে বটদ্ৰৱা থান পৰিচালনা সমিতিয়ে। এই বিষয়ত এক স্মাৰক পত্ৰ নগাঁও জিলা উপায়ুক্তক প্ৰদান কৰে থান পৰিচালনা সমিতিয়ে।
লগতে উচ্ছেদ সন্দৰ্ভত সত্ৰাধিকাৰগৰাকীয়ে কয়- ”যদি আপোনালোকৰ নথিপত্ৰত চৰকাৰী ভূমি। তেন্তে সেই ভূমি বেদখলমুক্ত কৰক। মূল কথাটো হ’ল বেদখল ভূমিত থকা দুষ্কৃতিকাৰীৰ বাবে আজি বটদ্ৰৱা কাণ্ড হৈছে।”