বটদ্ৰবাঃ বটদ্ৰৱাত সংঘটিত হৈছে শোকাবহ ঘটনা। মাটি কঢ়িওৱা ট্ৰেক্টৰে মহতিয়াই নিলে দুগৰাকী স্কুলীয়া ছাত্ৰীক। ঘটনাস্থলীত থিতাতে নিহত এগৰাকী ছাত্ৰী। আহত আন গৰাকী ছাত্ৰীক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে।
লগতে পঢ়কঃজুৰীয়াত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান
দুৰ্ঘটনা সংঘটিত কৰা ট্ৰেক্টৰখনৰ নম্বৰ এএছ ২১এচি ০৭৬৫। স্থানীয় লোকে ট্ৰেক্টৰ চালকক আটক কৰি আৰক্ষীক গটাই দিয়ে। দোষীক শাস্তি দিয়াৰ দাবীত উত্তপ্ত হৈ পৰে পৰিস্থিতি। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে।
আৰক্ষীয়ে এই সন্দৰ্ভত কয়- ‘আমি আজি ফোনযোগে খবৰ পাওঁ যে এখন ট্ৰেক্টৰে দুগৰাকী স্কুলীয়া ছাত্ৰীক খুন্দিয়াইছে। খবৰ পাই আমি আহিলো। আহি জানিব পাৰিলো যে দুয়োগৰাকী ছাত্ৰীয়ে চাইকেলেৰে স্কুললৈ গৈ আছিল। তেতিয়াই পিছফালৰ পৰা এখন ট্ৰেক্টৰে দুয়োকে খুন্দা মাৰে। নাৰ্ছিন বেগম নামৰ ছাত্ৰীগৰাকীৰ গুৰুতৰভাৱে আহত হোৱাৰ পাছত মৃত্যুৰ মুখত পৰে। আৰু আছমা খাতুন নামৰ ছাত্ৰীগৰাকীৰ আহত হৈছে। ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰখা হৈছে।’