বটদ্ৰৱাঃ বটদ্ৰৱাত ভয়ংকৰ ঘটনা। আৰক্ষীৰ প্ৰহাৰত প্ৰাণ গ’ল এজন যুৱকৰ। এটা হাঁহ আৰু দহ হেজাৰ টকা নিদিয়াৰ বাবেই বটদ্ৰৱা আৰক্ষীয়ে প্ৰাণ ল’লে ধিঙ থানাৰ অন্তৰ্গত ছালনাবড়িৰ ছফিকুল ইছলাম নামৰ ব্যক্তিজনৰ।
জানিব পৰা মতে, শুকুৰবাৰে নিশা ১০ বজাত ছফিকুল ইছলামে মাছৰ ব্যৱসায়ৰ বাবে শিৱসাগৰলৈ ৰাওনা হওতে বটদ্ৰৱা আৰক্ষীয়ে তালাচী চলাই বটদ্ৰৱা থানালৈ লৈ আহে। পুৱা ছফিকুলৰ পৰিয়ালৰ পৰা দহ হেজাৰ টকা আৰু হাঁহ বিচাৰে যদিও ছফিকুলৰ পত্নীয়ে কেৱল হাঁহ দিয়াত পত্নীৰ সন্মুখতেই প্ৰহাৰ কৰে লোকজনক। ইয়াৰ পাছত থানাৰ চৌহদৰ ভিতৰতে আৰক্ষীয়ে ছফিকুলক মৰিয়াই মৰিয়াই হত্যা কৰাৰ অভিযোগ উত্থাপন কৰিছে পৰিয়ালৰ লোকে।
লগতে পঢ়কঃই-ৰিক্সা, তীব্ৰবেগী উইংগাৰৰ মুখামুখি সংঘৰ্ষ:থিতাতে নিহত এজন
পৰৱৰ্তী সময়ত পৰিয়ালৰ লোকে টকা লৈ থানালৈ আহে যদিও ছফিকুল ইছলামক বিচৰাত আৰক্ষীয়ে ছফিকুলক চিকিৎসালয় লৈ প্ৰেৰণ কৰিছে বুলি জনায়। পৰিয়ালৰ লোক নগাঁৱৰ শ্বহীদ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত উপস্থিত হোৱাৰ পিছত ছফিকুল ইছলামৰ মৃত্যু হোৱা বুলি জ্ঞাত হয়। ইয়াৰ পিছতেই উত্তেজিত হৈ পৰে পৰিস্থিতি। উত্তেজিত ৰাইজে মৃতদেহ লৈ বটদ্ৰৱা আৰক্ষী পহৰা চকীত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি থানা ঘেৰাও কৰে। বটদ্ৰৱা আৰক্ষী থানাৰ সন্মুখত মৃতদেহ ৰাখি আৰক্ষী লগত হতাহতি আৰু থানা ভাঙি লণ্ড ভণ্ড কৰি থানাৰ বেৰিকেত লৈ পথ বন্ধ কৰে। ৰাইজৰ প্ৰহাৰত দুজন আৰক্ষীৰ লোক আহত হোৱা বুলি জানিব পৰা গৈছে। ইমানতে ক্ষান্ত নাথাকি ৰাইজে জ্বলাই দিয়ে বটদ্ৰৱা আৰক্ষী থানা। ঘটনাক কেন্দ্ৰ কৰি বৰ্তমানেও পৰিস্থিতি উত্তপ্ত হৈ আছে।