নগাঁওঃ বটদ্ৰৱা আৰক্ষী থানাত কিছুদিন পূৰ্বে পৰিকল্পিতভাৱে একাংশ দুষ্কৃতিকাৰীয়ে যি ঘটনা সংঘটিত কৰিছিল তাৰ উচিত তদন্ত কৰাৰ লগতে বটদ্ৰৱা থানৰ সত্ৰৰ ভূমি বেদখল মুক্ত কৰিবলৈ চৰকাৰক আহ্বান জনাইছে সদৌ অসম উন্নয়ন পৰিষদে। পৰিষদৰ সহ সাধাৰণ সম্পাদক অমৰ নাথে কয় যে- বটদ্ৰৱা থানাত অগ্নি সংযোগ কৰা ঘটনা কেতিয়াও গ্ৰহণ যোগ্য নহয়।

লগতে সাধাৰণ সম্পাদক গৰাকীয়ে কয়- ”যি সকল দুষ্কৃতিকাৰীয়ে দুঃসাহস কৰি থানাত অগ্নি সংযোগ কৰিছিল সেই সকলো দুস্কৃতিকাৰীক উচিত শাস্তি প্ৰদান কৰিব লাগে। সংঘটিত হোৱা ঘটনাটোত কেইবাজনো দাগী অপৰাধী জড়িত আছিল।”

আনহাতে, যদি বটদ্ৰৱা থানাৰ অগ্নি সংযোগ কৰা ঘটনাৰ লগত আৰক্ষীৰ লোক জড়িত হৈ আছে তেনেহ’লে তেওঁলোকৰ ওপৰতো ব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰকাৰক দাবী তুলিছে সদৌ অসম উন্নয়ন পৰিষদৰ সহ সাধাৰণ সম্পাদক অমৰ নাথে। উল্লেখযোগ্য যে, বুধবাৰে নগাঁও প্ৰেছ ক্লাৱত অনুষ্ঠিত হোৱা সদৌ অসম উন্নয়ন পৰিষদৰ সংবাদমেলত পৰিষদৰ সাধাৰণ সম্পাদক মুনজ্যোতি নাথ, উপ-সভাপতি তপন বৰুৱা, সম্পাদক প্ৰমোদ বৰা আৰু সাংস্কৃতিক সম্পাদক প্ৰাঞ্জল বৰুৱাও উপস্থিত আছিল।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,841 other subscribers

Leave a comment

Leave a Reply Cancel reply