নগাওঁঃ বটদ্ৰৱাত ঘটনাক লৈ সংবাদ মাধ্যমৰ আগত মন্তব্য কৰিলে বিশেষ আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে। বিশেষ আৰক্ষী সঞ্চালক প্ৰধান গৰাকীয়ে ছফিকুলৰ মৃত্যুৰ নিৰপেক্ষ তদন্তৰ বাবে ডিআইজিক ইতিমধ্যে নিৰ্দেশ প্ৰদান কৰিছে।

মৰণোত্তৰ পৰীক্ষাৰ ৰিপৰ্ট আৰু ফৰেনছিক ৰিপৰ্টৰ ওপৰত ভিত্তি কৰিয়েই ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি মন্তব্য কি লগতে তেওঁ কয়- ”ঘটনাৰ ভিডিঅ ফুটেজৰ দ্বাৰা দোষীক বিচাৰি উলিওৱা হ’ব। ফৰেনছিকৰ দলৰ দ্বাৰা অগ্নি সূত্ৰপাতৰ তদন্ত কৰা কৰা হ’ব৷ লগতে নষ্ট হোৱা ফাইল সমূহ কিয় নষ্ট কৰা হ’ল তাৰ বিৰুদ্ধেও কৰা হ’ব তদন্ত৷”

লগতে আৰক্ষী বিষয়াগৰাকীয়ে কয়- ”এই ঘটনাৰ সৈতে জেহাদী সংগঠনৰ লগত সম্পৰ্ক আছে তাৰ ওপৰতো আৰম্ভ হ’ব তদন্ত৷”

উল্লেখযোগ্য যে, বৰ্তমানলৈ বটদ্ৰৱা কাণ্ডক লৈ ২১জনক আটক কৰিছে আৰক্ষীয়ে। আনহাতে, আৰক্ষী থানাত পেট্ৰ’ল চটিওৱা অষ্টম শ্ৰেণীৰ ছাবিনা খাটুন নামৰ কিশোৰী গৰাকীয়ে কয়- ”মোক পেট্ৰ’ল ঢালিব দিছে, মই নাজানো কোনে দিলে, মই ঢালি দিছো।” বৰ্তমান আটাইকেইজন অভিযুক্তক নগাওঁ সদৰ আৰক্ষী থানাত সোধ-পোছ কৰি থকা হৈছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,047 other subscribers

Leave a comment

Leave a Reply