নগাঁওঃ বটদ্ৰৱা কাণ্ডৰ মাষ্টাৰ মাইণ্ড আশ্বিকুল ইছলাম নগাঁও আৰক্ষীৰ জালত। এই কাণ্ড সংঘটিত হোৱাৰ দিনা ৰঙা টি-চাৰ্ট পৰিধান কৰি আশ্বিকুল ইছলামেই থানা জ্বলাই দিয়াৰ উচটনি দিছিল, যি দৃশ্য বন্দী হৈছিল কেমেৰাত।

ঘটনাৰ পিছৰ পৰাই পলাতক হৈ আছিল ধৃত আশ্বিকুল ইছলাম। ধৃত আশ্বিকুল ইছলামৰ ঘৰ নগাঁও জিলাৰ জুৰীয়া আৰক্ষী থানাৰ অন্তৰ্গত সোনাইবেৰা গাঁৱত। উল্লেখ্য যে, ২১ মে’ত ক্ষোভিত ৰাইজে মিলি জ্বলাই দিছিল আৰক্ষী থানা।

ছফিকুল ইছলাম নামৰ এজন মাছৰ ব্যৱসায়ীৰ আৰক্ষীৰ প্ৰহাৰত মৃত্যু হোৱা বুলি খবৰ পোৱাৰ পাছতে পৰিয়াল তথা স্থানীয় লোকে থানা ঘেৰাও কৰি উত্তপ্ত পৰিস্থিতি সৃষ্টি কৰে। আৰু অৱশেষত থানাত পেট্ৰ’ল ঢালি অগ্নি সংযোগ কৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,988 other subscribers

Leave a comment

Leave a Reply