নিউজ ডেস্কঃ বটদ্ৰৱাত আৰক্ষী থানা জ্বলোৱা অপৰাধত শনিবাৰে নিশা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে তিনিজন যুৱকক। গ্ৰেপ্তাৰ কৰা যুৱক কেইজন ক্ৰমে- মজিবুৰ ৰহমান, আনোৱাৰ হুছেইন আৰু ৰফিকুল ইছলাম। ইফালে, আজি পুৱাই বটদ্ৰৱাত উপস্থিত হয় অসম আৰক্ষী সঞ্চালক প্ৰধান (বিশেষ) জি পি সিং। দুৰ্বৃত্তই জ্বলাই দিয়া থানাখন পৰিদৰ্শন কৰে আৰক্ষী বিষয়াগৰাকীয়ে। লগতে নগাওঁ আৰক্ষী অধীক্ষকৰ পৰা ঘটনাৰ বুজ লয় সিঙে।
এই ঘটনাৰে জড়িত প্ৰতিজন দোষীক শাস্তি দিয়াৰ কথা পুনৰ দোহাৰিলে অসম আৰক্ষী অতিৰিক্ত সঞ্চালক গৰাকীয়ে। আনহাতে, এই সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰে বটদ্ৰৱাৰ বিধায়িকা শিৱামণি বৰাই। তেওঁ কয়- ”থানা জ্বলোৱাতো মানুহে কোনো পধ্যেই সহ্য কৰিব পৰা নাই। কিন্তু থানাত আৰক্ষীৰ জিম্মাত এজন মানুহৰ মৃত্যু হোৱাটোও জগৰীয়া। এই সন্দৰ্ভত তদন্ত কৰিব লাগিব। আৰু থানাখন দিনতে জ্বলোৱা হয়। দিনদুপৰতে কেনেকৈ হ’ব পাৰে এনেকুৱা? তেওঁলোকে কাষতে আনবোৰ থানা আছে, তেওঁলোকেতো ফৰ্চ মাতিব পাৰিলে হেঁতেন। গতিকে ইয়াত তৃতীয় শক্তি জড়িত থকাটো নিশ্চিত…।”
আনহাতে, অসম আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তয়ো ছচিয়েল মিডিয়াযোগে প্ৰতিক্ৰিয়া ব্যক্ত কৰে। ডিজিপি মহন্তই লিখিছে- ”এই ঘটনা কেৱল ক্ৰিয়া-প্ৰতিক্ৰিয়াৰ ঘটনা নহয়। ইয়াৰ আঁৰত আন বহু কথা আছে। আমি অসমৰ শান্তিপ্ৰেমী লোকসকলক আশ্বাস দিছো যে, দোষীক কঠোৰতকৈ কঠোৰ শাস্তি প্ৰদান হ’ব আৰু যিসকলে ভাৰতীয় ন্যায় ব্যৱস্থাৰ পৰা পলাব পাৰিম বুলি ভাবিছে তেওঁলোকৰ বিৰুদ্ধে আৰু অধিক কঠোৰ ব্যৱস্থা লম…”