মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ পৱিত্ৰ জন্মস্থান পুণ্যভূমি বটদ্ৰৱা থানত উপস্থিত হৈ আজি মুখ্যমন্ত্ৰীয়ে গুৰুজনাৰ শ্ৰীচৰণত ভক্তি অৰ্ঘ্য নিৱেদন কৰাৰ লগতে ৰাজ্যবাসীৰ কুশল-মংগল কামনাৰে পৰমপিতাৰ ওচৰত প্ৰাৰ্থনা জনাই। থানৰ পুনৰ্নিৰ্মিত কীৰ্তন ঘৰত গুৰু আসন প্ৰতিষ্ঠা কাৰ্যসূচীতো অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰীয়ে।
বটদ্ৰৱা থানৰ মূল তোৰণ, প্ৰেক্ষাগৃহ, অতিথিশালা, সংযোগী পথকে ধৰি পৰৱৰ্তী বছৰটোত থানৰ আন্তঃগাথঁনি উন্নয়নৰ বাবে হাতত ল’বলগীয়া কাম-কাজসমূহৰো বুজ লয় মুখ্যমন্ত্ৰী গৰাকীয়ে।
মুখ্যমন্ত্ৰীৰ নিজা খৰচত মেৰামতি কৰিছে থানৰ মূল কীৰ্তন ঘৰ । আজি মুখ্যমন্ত্ৰীয়ে ভকত-বৈষ্ণৱৰ নামত উচৰ্গা কৰে মূল কীৰ্তন ঘৰ
আজিৰ এই কাৰ্যসূচীত বিধায়কসকল ৰূপক শৰ্মা, জিতু গোস্বামী, শিৱামণি বৰা, শশীকান্ত দাস, প্ৰাক্তন মন্ত্ৰী গৌতম বৰা, সত্ৰাধিকাৰ প্ৰভু যোগেন্দ্ৰ নাৰায়ণ দেৱ মহন্ত আৰু দেৱানন্দ দেৱ গোস্বামী, বশিষ্ঠ বুজৰবৰুৱা, শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰধান সম্পাদক বাবুল বৰাৰ লগতে বটদ্ৰৱা থান পৰিচালনা সমিতিৰ কৰ্মকৰ্তাসকল আৰু ধৰ্মপ্ৰাণ ব্যক্তিসকল উপস্থিত আছিল।
ইয়াৰ পিছতেই নগাঁৱৰ বটদ্ৰৱাস্থিত শ্ৰীমন্ত শংকৰদেৱ গৱেষণা প্ৰতিষ্ঠান পৰিদৰ্শন কৰি সাঁচিপাতত লিখা পাণ্ডুলিপি আদিকে ধৰি গৱেষণা সামগ্ৰীসমূহ পৰ্যবেক্ষণ কৰে মুখ্যমন্ত্ৰীয়ে। প্ৰতিষ্ঠানটোৰ গুৰুত্ব বিবেচনা কৰি আমাৰ চৰকাৰে ইয়াৰ বিকাশৰ বাবে এক ৰূপৰেখা প্ৰস্তুত কৰিবলৈ এটা বিশেষজ্ঞ দল প্ৰেৰণ কৰিব যাতে ই ৰাজ্যখনৰ আধ্যাত্মিক, সাংস্কৃতিক আৰু শৈক্ষিক উৎকৰ্ষৰ বাবে ইয়াৰ শিক্ষামূলক কাৰ্যপ্ৰণালী আগবঢ়াব পাৰে বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে।
আজিৰ আটাইকেইটা অনুষ্ঠানতে স্থানীয় প্ৰাক্তণ বিধায়িকা আঙুৰলতা ডেকাক দেখা ন’গল।