নগাওঁঃ বটদ্ৰৱাৰ নসত্ৰত নিশা ভয়ংকৰ ঘটনা। দুষ্কৃতিকাৰীয়ে জ্বলাই দিলে মটৰ চাইকেল আৰু স্কুটী। কথমপি ৰক্ষা পৰে এটা বাসগৃহ।

ন-সত্ৰৰ জ্যোতি প্ৰসাদ নাথ নামৰ ব্যক্তি গৰাকীৰ বাসগৃহত নিশা সংঘটিত হয় এই ভয়ংকৰ ঘটনা। নিশা গাঁওৰক্ষী বাহিনীৰ সহযোগত আইভেটিত আটক এটা কুখ্যাত মটৰচাইকেল চোৰ।

ঘটনাস্থলীত জাজৰি আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত। জাজৰি আৰক্ষী থানাৰ অন্তৰ্গত বৃহত্তৰ ৰাইদঙীয়া অঞ্চলত দিনে-নিশাই চুৰি-ডকাইতিৰ দৰে অপৰাধজনিত ঘটনা নিতৌ বৃদ্ধি পাইছে যদিও নিয়ন্ত্ৰন কৰিব পৰা নাই আৰক্ষীয়ে ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,047 other subscribers

Leave a comment

Leave a Reply