ধিংঃ ৰাজ্যত উদ্বেগজনক ভাৱে বৃদ্ধি পাইছে কৰোনাত আক্ৰান্তৰ সংখ্যা। কৰোনা মহামাৰীৰ ভয়াবহতাৰ পৰা ৰক্ষা কৰিবলৈ ৰাজ্য চৰকাৰে কৰোনা পৰীক্ষা আৰু ভেকচিন প্ৰদানত গুৰুত্ব আৰোপ কৰিছে।
ৰাজ্যত ভেকচিন প্ৰদান কাৰ্যসূচী চলি থকা সময়তে স্বাস্থ্য বিভাগৰ ফালৰ পৰা মহাপুৰুষ শ্ৰী মন্ত শংকৰদেৱৰ পবিত্ৰ জন্মস্থান বটদ্ৰৱা থানৰ ভকত বৈষ্ণৱ, আইমাতৃ সকলক কৰোনাৰ ভেকচিন প্ৰদান কৰা হয়।
বটদ্ৰৱা ক্ষুদ্র প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ চিকিৎসা কৰ্মীৰ উপস্থিতিত বটদ্ৰৱা থানৰ ভকত বৈষ্ণৱ, সত্ৰাধিকাৰ, থান পৰিচালনা সমিতিকে প্ৰমুখ্য কৰি আইমাতৃ সমন্বিতে শতাধিক লোকক স্বাৱ পৰীক্ষাৰ অন্তত বটদ্ৰৱা থানৰ সভাঘৰৰ কাষৰ মুকলি গৃহত প্ৰতিষেধক প্ৰদান কৰা হয়।
লগতে কভিড প্ৰটকলৰ প্ৰতি লক্ষ্য ৰাখি দৰ্শনাৰ্থী সকললে যাতে অনাহকত থানলৈ নাহে আৰু বিশেষ প্ৰয়োজনতহে আহিবলৈ আহ্বান জনাইছে পৰিচালনা সমিতিয়ে ।
দৰ্শনাৰ্থী সকলক মাস্ক পৰিধান কৰি সামাজিক দূৰত্ব মানিহে থানত প্ৰৱেশ কৰিবলৈ আহ্বান জনাইছে বটদ্ৰৱা থান পৰিচালনা সমিতিয়ে।
দৰ্শনাৰ্থী সকলৰ সুবিধার্থে বটদ্ৰৱা থানৰ প্ৰৱেশ দ্বাৰত মাস্ক আৰু চেনিটাইজাৰ ব্যৱস্থা কৰা লগতে কীৰ্তন ঘৰত নাম- কীৰ্তন কৰোতেও সামাজিক দূৰত্ব বজাই নাম-প্ৰসংগৰ আয়োজন কৰিছে বৰদোৱাৰ এই পবিত্ৰ স্থানৰ থান পৰিচালনা সমিতিয়ে।