নিউজ ডেস্ক: যোৱা বছৰৰ দৰে এইবাৰো অসমীয়াই বিহু পালন কৰিব নোৱাৰাৰ ইংগিত বহন কৰিছে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ শেহতীয়া এক পত্ৰত । দেশত আকৌ উদ্বেগজনক ভাবে বাঢ়িছে কোৰোণাৰ সংক্ৰমণ। দেশৰ বহুকেইখন ৰাজ্যত ভয়ংকৰ ভাবে বাঢ়িছে সংক্ৰমণৰ ঘটনা। গতিকে এই ক্ষেত্ৰত এতিয়া অধিক সাৱধান হৈছে প্ৰশাসন। কোৰোণাৰ শেহতীয়া সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি দিল্লী, উত্তৰপ্ৰদেশ, বিহাৰ , মধ্যপ্ৰদেশ সহ কেইবাখনো ৰাজ্যত হোলী উদযাপনৰ ক্ষেত্ৰত বহু বাধা নিষেধ আৰোপ কৰা হৈছে।
আৰু পঢ়কঃ দেশত ক’ৰোনাৰ দ্বিতীয় ঢৌ, ৰাজ্যত পুনৰ ৫২জনৰ দেহত ক’ৰোনা ভাইৰাছ
কোৰোণাৰ সংক্ৰমণ চলিত বৰ্ষৰ মাৰ্চ মাহৰ পৰা পুনৰ বাঢ়িবলৈ আৰম্ভ কৰিছে। ভেকচিনেশ্যনৰ কাম চলি থকাৰ মাজতে আকৌ সংক্ৰমণ বাঢ়ি অহাত চিন্তাত পৰিছে কেন্দ্ৰীয় চৰকাৰ।
মধ্যপ্ৰদেশ চৰকাৰ আৰু বিহাৰৰ নিতীশ কুমাৰৰ চৰকাৰেও উৎসৱ উদযাপনৰ ক্ষেত্ৰত নীতি-নিৰ্দেশনা জাৰি কৰিছে। বিহাৰ চৰকাৰৰ মতে, হোলীত এইবাৰ কোনো মেলাৰ আয়োজন কৰিব নোৱাৰিব। কোনো অনুষ্ঠানত ২০ জনতকৈ অধিক লোক যাব নোৱাৰিব। কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ অতিৰিক্ত সচিব আৰতি আহুজাই সকলো ৰাজ্যৰ মুখ্যসচিব সকললৈ লিখা এক পত্ৰত আগন্তুক সময়ত আহি থকা উৎসৱ হোলী, শ্ববেৰ ই-বৰাট, ইষ্টাৰ,ইদ উল ফিটৰ , বিহু আদি পালন কৰা ক্ষেত্ৰত ৰাজ্য চৰকাৰ সমূহক ডিজাষ্টাৰ মেনেজমেন্ট আইন ২০০৫ ৰ অধীনত ব্যবস্থা গ্ৰহন কৰিবলৈ নিৰ্দেশ দিছে ।
অসমত শেহতীয়াকৈ ক’ভিড-19 সংখ্যা বৃদ্ধি হৈছে । যোৱা দুটা দিনত দুজনকৈ লোকে প্ৰাণ হেৰুৱাইছে । যোৱা ২৪ ঘন্টাত ৫০ জনকৈও অধিক লোক আক্ৰান্ত হৈছে । ভেকচিন লোৱাৰ পিছতো এই ভাইৰাচত আক্ৰান্ত হোৱাৰ খবৰ আহিছে ।
বৰ্তমান সময়ত ৰাজ্য বিধানসভাৰ নিৰ্বাচনৰ বাবে বৃহৎ বৃহৎ ৰাজহুৱা সভা, পদযাত্ৰা আদিৰ বাবে জনসাধাৰনৰ মাজত সামাজিক ব্যবধানটো বাদেই মাস্ক পৰিধান কৰাও দেখা নাযায় । বিশেষ ভাবে নেতাসকলেই মাস্ক পৰিধান নকৰাকৈ ঘুৰি ফুৰাৰ ফলত প্ৰশাসনৰ নিৰ্দেশ বৰ্তমান সময়ত অশাৰ হৈছে । ৬ এপ্ৰিলত নিৰ্বাচনৰ সামৰণিৰ পিছতেই অসমৰ প্ৰশাসন যন্ত্ৰ অধিক তৎপৰ হোৱাৰ সম্ভাবনাই অধিক । ইয়াৰ বাবেই আগন্তুক ৰঙালী বিহু আয়োজনত প্ৰশাসনে বাধা দিয়াৰ সম্ভাবনাই অধিক ।
আৰু পঢ়কঃ বলীউদৰ জনপ্ৰিয় অভিনেতা আমিৰ খান কৰোণা ভাইৰাছত আক্ৰান্ত