গুৱাহাটী : অৰ্ধলকডাউন আৰু কঠোৰ চৰকাৰী নীতি-নিৰ্দেশনাৰ পিছতো নিয়ন্ত্ৰণলৈ অহা নাই ক’ভিডৰ দ্বিতীয়টো ঢৌৰ তাণ্ডৱ। ইতিমধ্যে ৰাজ্যৰ কেইবাখনো জিলাত ক’ভিডৰ সংক্ৰমণ দ্ৰুত গতিত বৃদ্ধি পাই আছে। প্ৰতিদিনে নতুন নতুন লোক আক্রান্ত হৈ আছে ক’ভিডত। গুৱাহাটী মহানগৰীত ক্ৰমাৎ অধিক ভয়াবহ ৰূপ লৈছে ক’ভিডে।
ৰাজ্যজুৰি ক’ভিড মহামাৰীৰ তাণ্ডৱলীলা অব্যাহত আছে। ক’ভিড ভেকচিনেশ্যন কাৰ্যসূচী চলি থকাৰ মাজতো সংক্ৰমণৰ হাৰ নিয়ন্ত্ৰণলৈ অহা নাই ৰাজ্যত। ক’ভিড সংক্ৰমণৰ হাৰ বৃদ্ধি পোৱাত ইতিমধ্যে ৰাজ্যৰ কেইবাখনো জিলাত অধিক কঠোৰ কৰা হৈছে ক’ভিড সম্পৰ্কীয় নীতি-নিৰ্দেশনা। গুৱাহাটী মহানগৰীটো পৰিস্থিতি ক্ৰমাৎ অৱনতি ঘটিছে।
মহানগৰীৰ পাণ্ডু অঞ্চলত বহু লোক ক’ভিডত আক্রান্ত হোৱা পৰিলক্ষিত হৈছে। ইয়াৰ মাজতে পাণ্ডুৰ বিবিচি ক’লনী দুটাকৈ বাইলেন কন্টেইনমেন্ট জ’ন হিচাপে ঘোষণা কৰিছে প্ৰশাসনে। বিবিচি ক’লনীৰ দুটাকৈ পৰিয়ালৰ ১০ জনকৈ সদস্য ক’ভিডত আক্রান্ত হোৱাত প্ৰশাসনে বিবিচি ক’লনী কন্টেইনমেন্ট জ’ন হিচাপে ঘোষণা কৰিছে।
লগতে পঢ়ক : ১৯৮৩ চনৰ ক্ৰিকেট বিশ্বকাপ বিজয়ী ভাৰতীয় দলৰ সদস্যৰ নিধন
জানিব পৰা মতে ক’ভিড আক্রান্ত পৰিয়াল দুটাৰ ১০ জন সদস্যৰ ভিতৰত মহিলা আৰু কণমানি শিশুও আছে। অঞ্চলটো প্ৰশাসনে ৭ দিনৰ বাবে কন্টেইনমেন্ট জ’ন ঘোষণা কৰিছে। পাণ্ডুৰ বিবিচি ক’লনীৰ কন্টেইনমেন্ট জ’ন হিচাপে ঘোষণা কৰা অঞ্চলটোৰ প্ৰায় অৰ্ধশতাধিক সদস্য আছে বুলি জানিব পৰা গৈছে।