চিৰাং : চিৰাং জিলাৰ ভাৰত-ভূটান সীমান্তত বন বিভাগে এটা আঘাতপ্ৰাপ্ত ভালুক উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। ভৰত-ভূটান সীমান্তৰ কুকলুং ৰেঞ্জৰ ১ নং দংশিয়াপাৰাত আঘাতপ্ৰাপ্ত ভালুকটোক উদ্ধাৰ কৰে বন বিভাগে। ভালুকটোৰ ভৰিত কাড় লাগি আঘাতপ্ৰাপ্ত হৈছিল।
জানিব পৰা মতে বিগত কেইবাদিন ধৰি আঘাতপ্ৰাপ্ত ভালুকটো অঞ্চলটোত আতংক চলাই আছিল। আঘাতপ্ৰাপ্ত ভালুকটো অঞ্চলটোত মুক্ত বিচৰণ কৰি আছিল মানুহৰ বাগানৰ ফল আৰু পাচলি খাই সন্ত্ৰাস চলাই আছিল।
বন বিভাগে কেইবাদিন ধৰি ভালুকটোক আটক কৰাৰ চেষ্টা চলাই আছিল যদিও সাফল্য লাভ কৰিব পৰা নাছিল। অৱশেষত আজি ভালুকটোক বন বিভাগে উদ্ধাৰ কৰে। ভালুকটো মানস ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই আহিছিল।
লগতে পঢ়ক : লখিমপুৰৰ ফটেহপুৰত ভূমিকেন্দ্ৰিক সংঘাত
ভালুকটোৰ ভৰিত লাগি থকা কাড় উলিয়াই চিকিৎসা প্ৰদান কৰি বন বিভাগে ভালুকটোক পুনৰ মানস ৰাষ্ট্ৰীয় উদ্যানত মুকলি কৰি দিয়ে। বন বিভাগে আজি দীর্ঘ সময় ধৰি অভিযান চলাই ভালুকটোক ট্ৰেংকুলাইছড কৰি উদ্ধাৰ কৰে।