নালবাৰী : এইবাৰ নলবাৰী জিলাৰ এখন গাঁৱত ভালুকৰ সন্ত্ৰাস। বিগত কিছুদিন ধৰি মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ কাষৰীয়া গাঁও সমূহত ভলুকে সন্ত্ৰাস চলাই থকাৰ পিছত এইবাৰ নালবাৰীত ভালুকৰ সন্ত্ৰাস।
এজন যুৱকে নলবাৰী জিলাৰ আল্লিয়া বনগাঁৱৰ ঘন জংঘলত এটা ভালুক দেখা পাইছিল বুলি জানিবলৈ দিয়ে। ভালুকৰ খবৰ বিয়পি পৰাৰ পিছতে সমগ্ৰ গাঁওখনতে এক আতংকময় পৰিৱেশ সৃষ্টি হৈছে।
লগতে পঢ়ক : যোৰহাট ট্ৰাক ষ্টেন্ডৰ স্থানান্তৰৰ জিলা প্ৰশাসনৰ সিদ্ধান্তকো কেৰেপ নকৰে ব্যবসায়ীয়ে
ৰাইজে বন বিভাগক খবৰ দিয়াত বন বিভাগৰ লোক ঘটনাস্থলীত আহি উপস্থিত হৈছে। বন বিভাগৰ লোকে ভালুকটোক বিচাৰি অভিযান চলাই আছে যদিও বর্তমানলৈকে ভালুকটোক দেখা পোৱা নাই। জংঘলৰ মাজত ভালুকৰ ভৰিৰ খোজ দেখা বুলি একাংশ লোকে জানিবলৈ দিয়ে।