লখিমপুৰ : লখিমপুৰৰ দিপ্তীলৈ সৌন্দর্য প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ খিতাপ। গামোচা মেগা এন্টাৰটেইনমেন্ট প্ৰাইভেট লিমিটেডে তিনিচুকীয়াত আয়োজন কৰা মিছ আচাম সৌন্দর্য প্ৰতিযোগিতাত লখিমপুৰৰ দিপ্তী ছেত্ৰীয়ে শ্ৰেষ্ঠ বিজয়ী খিতাপৰ লগতে ৱাক আৰু ফটোজেনিক খিতাপ লাভ কৰে।

লখিমপুৰৰ পহুমৰা নখাগৰি গাঁও নিবাসী তথা ৰেলৱে বিভাগৰ কৰ্মচাৰী দিপ্তীয়ে এই সন্মান লাভ কৰাৰ অন্তৰালত আছে তেওঁ লক্ষ্য প্ৰাপ্তিৰ হকে নিৰলস সাধনা। সৌন্দৰ্যৰ খিতাপ বুটলিবলৈ তেওঁ অহৰ্নিশ সাধনা কৰাৰ বাবেই ইপ্সিত বাঞ্চা পুৰণ হোৱা বুলি সন্তষ্টি ব্যক্ত কৰে। ইয়াৰ পুৰ্বেও দিপ্তীয়ে ২০২০ বৰ্ষত ধেমাজিত আয়োজিত প্ৰতিযোগিতাত মিছ দাৰপুন ২০২০ খিতাপ লাভ কৰিবলৈ সক্ষম হৈছিল।

লগতে পঢ়ক :  সদৌ অসম ভিত্তিত ভাওনা প্ৰতিযোগিতাৰ লাইখুঁটা স্থাপন

কৰ্মক্ষেত্ৰৰ পৰা সাংসাৰিক জীৱনৰ জঞ্জাল সামৰি দিপ্তীয়ে নিৰলস সাধনাৰে এনে খিতাপ লাভ কৰিবলৈ সক্ষম হোৱাত ৰাইজে জনাইছে উষ্ম আদৰণি। পৰৱৰ্তী সময়তো দিপ্তীয়ে সৌন্দৰ্য চৰ্চা চলাই যাব বুলি জানিবলৈ দিয়ে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 5,782 other subscribers

Leave a comment

Leave a Reply