বিহালীত শিশু অপহৰণকাৰীক আটক,

বিহালী: কিমান সুৰক্ষিত আপোনাৰ ঘৰৰ শিশু ? ৰাজ্যত সক্ৰিয় হৈ আছে শিশু অপহৰণকাৰী চক্ৰ ৷ এনে এটি চক্ৰৰ দুজন সক্ৰিয় সদস্যক ধৰা পেলাবলৈ সক্ষম হয় স্থানীয় ৰাইজৰ সহযোগত বিহালী আৰক্ষীয়ে ৷
দীৰ্ঘদিনৰ পৰা সমগ্ৰ ৰাজ্যৰ লগতে বিহালীত চলি আছিল শিশু সৰবৰাহৰ ঘটনা ৷ তেনে এক ঘটনাৰ পম খেদি বিহালী আৰক্ষীয়ে স্থানীয় ৰাইজৰ সহযোগত এটি শিশু সৰবৰাহকাৰী গোটৰ ছবিখন পোহৰলৈ আনিবলৈ সক্ষম হয় ৷ এতিয়াও আৰক্ষীৰ হাতলৈ অহা নাই মূল অভিযুক্ত ৷ অসম অৰুণাচলৰ সীমান্তৰ সোলেঙীৰ পৰা শিশু সৰবৰাহ কৰে এই চক্ৰটোৱে ৷
বিগত কেইমাহমানৰ পৰা অবিৰতভাৱে বিহালী অঞ্চলৰ পৰা কেইবাটিও শিশু অপহৰণ হোৱাক কেন্দ্ৰ কৰি সষ্টম হৈ পৰিছিল বিহালী আৰক্ষী ৷ আৰক্ষীৰ অবিৰত তদন্ত, অৱশেষত উদ্ধাৰ হল মানবতাৰ নামত কলংক দুটাকৈ শিশু সৰবৰাহৰ সৈতে জড়িত ৷

ইৰফান খান আৰু সুমন দাস নামৰ পাষণ্ড দুটাই বিগত বহুদিনৰ পৰাই বিহালী অঞ্চলৰ একাংশ শিশুক অপহৰণ কৰি চুবুৰীয়া ৰাজ্য অৰুণাচললৈ প্ৰেৰণ কৰি আহিছিল ৷

গহপুৰ সোলেঙীৰ জনৈক জোস্না বাইদেউৰ জৰিয়তেই চলাই আছিল এই অবৈধ ব্যৱসায় ৷ দুটাক আৰক্ষীয়ে ধৰাৰ পিছতেই এতিয়া আৰক্ষীৰ অনুসন্ধানতহে পোহৰলৈ আহিছে শিশু ব্যৱসায়ৰ ৰেকেটটো ৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,841 other subscribers

Leave a comment

Leave a Reply Cancel reply