বিশ্বনাথ : বিশ্বনাথ জিলাৰ বিহালী সমষ্টিৰ দিচিৰি গাৱঁত গেছৰ পাইপ লাইন বহুৱাকলৈ আজি উদ্ভৱ হ’ল এক উতপ্ত পৰিস্থিতি। ঘটনা সংঘটিত হ’ল বিহালী সমষ্টিৰ অন্তৰ্গত দিচিৰি গাঁৱত ৷
ঘটনাৰ বিবৰণী মতে, ইন্দ্ৰধনুছ গেছ প্ৰাঃ লিঃ নামৰ প্ৰতিস্থানটোৱে পাইপ লাইন স্থাপন কৰাৰ নামত দিচিৰি গাঁৱৰ দীপক দৈমাৰী,কানুন দৈমাৰী,হেমন্ত দৈমাৰী,বীৰেন দৈমাৰী,ৰমেশ দৈমাৰী,ৰঞ্জিত বসুমাতাৰী,মাস দৈমাৰী,বিনোদ,দৈমাৰী,দীজেন দৈমাৰী নামৰ মাটিৰ গৰাকীক মাটিৰ উচিত মূল্য নিদিয়াত কোম্পানীটোৰ কাম-কাজ কৰাত বাধা প্ৰদান কৰি আহিছিল ৷
কিন্তু আজি বিয়লি ইন্দ্ৰধনুছ গেছ প্ৰাঃ লিঃ নামৰ এই কোম্পানীটোৱে বিশ্বনাথ জিলা চক্ৰ বিষয়া,আৰক্ষী প্ৰশাসন,মহিলা আৰক্ষী,অৰ্ধসামৰিক বাহিনী লগত লৈ দিচিৰি গাঁৱত পাইপ লাইন বহুৱা কাম আৰম্ভ কৰে ৷ইফালে,মাটিৰ গৰাকীৰ কেইগৰাকীমান মহিলা-যুৱতী আৰু যুৱকে কামত বাধা প্ৰদান কৰাত এক হতাহতিৰ সৃষ্টিৰ সু্ত্ৰপাত হয় ৷
যাৰ ফলত আৰক্ষীৰ হাতত আঘাতপ্ৰাপ্ত হয় মমী দৈমাৰী নামৰ মহিলা গৰাকী ৷অন্যহাতে,ভুক্তভোগীয়ে জনোৱা অনুসৰি,কামত বাধা প্ৰদান কৰিলে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰো ভাবুকি দিয়ে ৷তদুপৰি কোম্পানীটোৰ কৰ্তৃপক্ষই চৰকাৰী ভূমি বুলি কৈ হুমকি প্ৰদান কৰা বুলিও উল্লেখ কৰে ভুক্তভোগী সকলে ৷
অভিযোগ অনুসৰি ,ইন্দ্ৰধনুছ গেছ প্ৰাঃ লিঃ নামৰ কোম্পানীটোৱে গাওঁখনৰ কাষৰে মাটিত অন্য এক মূল্য নিৰ্দ্ধাৰন কৰি উচিত প্ৰাপ্য প্ৰদান কৰাৰ বিপৰীতে দিচিৰি গাঁৱৰ এইসকল লোকক উচিত মূল্য প্ৰদান কৰা নাই।

ইফালে,ঘটনা সন্দৰ্ভত বিষয়ে প্ৰশ্ন কৰাত চক্ৰ বিষয়াসহ,ইন্দ্ৰধনুছ কৰ্তৃপক্ষই কোনো মন্তব্য দিয়া পৰা বিৰত থাকিল ৷
অন্যহাতে কেইদিনমান পূৰ্বে এই ইন্দ্ৰধনুছ নামৰ কোম্পানীটোৱে গাঁৱত মৃগেন ভাগৱতী নামৰ লোকজনৰ বাৰীত কোনো ধৰণৰ মূল্য পৰিশোধ নকৰাকৈয়ে মালিকৰ অলক্ষিতে বহুকেইজোপা গছ কাটি তহিলং কৰি পেলাইছিল।
এই কোম্পানীটোৱে একাংশ চৰকাৰী লাট মণ্ডলৰ সৈতে মিলি বহু মাটি প্ৰকৃত পৰিয়ালৰ সদস্য অনুমতি অবিহনে প্ৰাপ্য সমূহ দুই এজনৰ মাজত বিতৰণ কৰি কমিচন লোৱাৰো এক গুৰুত্বৰ অভিযোগ উত্থাপিত কৰিছে গাঁওবাসীয়ে।