মঙলদৈঃ বেজেৰাৰ শালমাৰাত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা। জানিব পৰা মতে, গুৱাহাটীৰ পৰা গীত পৰিৱেশন কৰি ঘৰলৈ উভতি অহা পথত বৃহস্পতিবাৰে পুৱা ৭.৩০ বজাত দুৰ্ঘটনাত পতিত হয় অসমীয়া গায়ক ৰবি দাসৰ বাহনখন।
এই দুৰ্ঘটনাত ৰবিৰ সহযোগী টিংকুমণি ভূঞা আৰু প্ৰাঞ্জল দাস নামৰ মঙলদৈৰ দুজন যুৱক নিহত হয়। এএছ ০৬এম ৮৩০০ নম্বৰৰ ৱেগনআৰ গাড়ীখনৰে ৰাতিপুৱা ৭.৩০বজাত ঘৰলৈ আহি থকা অৱস্থাত নিয়ন্ত্ৰণ হেৰাই গছত খুন্দা মাৰি দ’ খাৱৈত পৰি থিতাতে নিহত হয় যুৱক দুজন।
টিংকুমনি ভূঞা মঙলদৈৰ গেৰিমাৰীৰ বাসিন্দা দেৱকান্ত ভূঞাৰ সন্তান আৰু প্ৰাঞ্জল দাস মঙলদৈ আৰেংৰ মহেশ চন্দ্ৰ দাসৰ পুত্ৰ। সংগীত শিল্পী ৰবি দাস বৰ্তমান গুৱাহাটী মেডিকেল কলেজত আইচিইউত ভৰ্তি হৈ আছে।