নিউজ ডেস্কঃ বেঁকী নৈৰ তীব্ৰ গৰা খহনীয়াত ত্ৰস্তমান ৰাইজ। ঘৰ-দুৱাৰ, মাটি-সম্পত্তি হেৰুৱাই সৰ্বহাৰা হৈ পৰিছে শতাধিক লোক। ইতিমধ্যে খহনীয়াই কালৰূপ ধাৰণ কৰি কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত কাউৰঝাহী, আমগুৰী, শওঁপুৰ, খাৰবাল্লী, সাওৰাচৰা আৰু মজিদভিটা আদি গাঁওসমূহৰ অধিকাংশ উটুৱাই লৈ গৈছে ৷
যোৱা কেইদিনত নৈৰ বুকুত ২০ টাকৈ পৰিয়ালৰ সৰ্বস্ব জাহ গৈছে । ঘৰ-বাৰী হেৰুৱাই গছৰ তলত নতুবা পথৰ দাঁতিত আশ্ৰয় ল’ব লগীয়া হৈছে এইসকল ৰাইজে । ভুক্তভোগীৰ খবৰ ল’বলৈ আহৰি নাই জনপ্ৰতিনিধিৰ।
অৱশেষত যিকেইটা ঘৰ বাচি আছেগৈ সেই মৰমৰ ঘৰখন নৈৰ গৰাখহনীয়াৰ কবলৰ পৰা বচাবলৈ ব্যস্ত হৈ পৰিছে নৈ ৰাইজসকল।
বিগত দুই মাহ ধৰি বেঁকী নদীয়ে নিৰবিচ্ছিন্ন ভাৱে খহনীয়াৰ সৃষ্টি কৰি ভেটি -মাটি, মূল্যবান গছ -গছনি, অনুষ্ঠান- প্ৰতিষ্ঠান আদি উটাই নিছে যদিও বৰপেটা জিলা প্ৰশাসন, স্থানীয় বিধায়ক-সাংসদে কেৱল পৰিদৰ্শন কৰিয়েই দায়িত্ব সামৰিছে।

উপায়ন্তৰ হৈ দুৰ্ভগীয়া ৰাইজ কান্দোনত ভাঙি পৰিছে। অচিৰেই বেঁকী নৈৰ গৰাখহনীয়াৰ স্থায়ী প্ৰতিৰোধৰ ব্যৱস্থা নকৰিলে বৃহত্বৰ কলগাছিয়া অঞ্চল অসমৰ মানচিত্ৰৰ পৰা নাইকিয়া হৈ যোৱাৰ উপক্ৰম।
সেয়ে ক্ষোভিত ৰাইজে স্থানীয় সাংসদ আব্দুল খালেক, বিধায়ক ৰফিকুল ইছলাম আৰু মন্ত্ৰী পিযুষ হাজৰিকাৰ প্ৰতিকৃতি দাহ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ।
প্ৰতিবাদকাৰীয়ে অসম চৰকাৰ হায় হায়, পিযুষ হাজৰিকা মুৰ্দাবাদ, আব্দুল খালেক মুৰ্দাবাদ, হাফিজ ৰফিকুল মুৰ্দাবাদ, গৰাখহনীয়া প্ৰতিৰোধ কৰিব লাগিবই আদি শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে।
এইক্ষেত্ৰত বেঁকী নৈৰ গৰাখহনীয়া প্ৰতিৰোধৰ বাবে ড°হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসম চৰকাৰৰ হস্তক্ষেপ কামনা কৰিছে ভুক্তভোগী ৰাইজে।