নিউজ ডেস্কঃ জনীয়া বিধানসভা সমষ্টিৰ শাওঁপুৰ, সুতিৰপাথাৰ আৰু আমগুৰি গাঁৱত বেঁকী নৈৰ খহনীয়াই ৰুদ্ৰমূৰ্তি ধাৰণ কৰাত ৰাইজৰ মাজত হাহাকাৰৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ।
যোৱা দুটা সপ্তাহত অঞ্চলটোৰ শ শ পৰিয়ালৰ ভেটি-মাটি, ৰাস্তা-ঘাট, শিক্ষানুষ্ঠান, খেতি-পথাৰ আদি নৈৰ বুকুত জাহ গৈছে ।
বেঁকী নদীৰ ওপৰত থকা দলং আৰু বিকল্প ৰাজ্যিক ঘাইপথৰ প্ৰতিও তীব্ৰ ভাবুকিৰ সৃষ্টি হৈছে ।
লগতে পঢ়কঃছিপাঝাৰৰ ধলপুৰত উপস্থিত অসম আৰক্ষীৰ উচ্চস্তৰীয় দল
ইতিমধ্যে জিলা প্ৰশাসন, স্থানীয় বিধায়ক আৰু বৰপেটাৰ সাংসদক গৰাখহনীয়া সন্দৰ্ভত অৱগত কৰা হৈছে যদিও ইয়াৰ কোনো ইতিবাচক সঁহাৰি নোপোৱাত ৰাইজ চিন্তিত হৈ পৰিছে ।
খহনীয়াৰ ভয়ত নৈৰ পাৰে পাৰে থকা পৰিয়ালসমূহে নিজৰ ঘৰ-দুৱাৰ ভাঙি নিৰাপদ স্থানত আশ্ৰয় লোৱাৰ বাবে গতি কৰিছে ।
এই ক্ষেত্ৰত খহনীয়া প্ৰতিৰোধৰ বাবে ৰাজ্য চৰকাৰৰ বিভাগীয় মন্ত্ৰীৰ দৃষ্টি গোচৰ কামনা কৰিছে খহনীয়াগ্ৰস্ত পৰিয়ালৰ লোকসকলে ।