ছৰফৰাজ খান,গুৱাহাটীঃ অসমৰ বন্যপ্ৰাণী সমূহক সুৰক্ষা দি আছে এক বিশেষ প্ৰজাতিৰ কুকুৰ। কাজিৰঙা, ওৰাং আৰু মানাহ ৰাষ্ট্ৰীয় উদ্যান আৰু পবিতৰা অভয়াৰণ্যৰ লগতে অসমৰ সকলোবোৰ অভয়াৰণ্যত চোৰাং চিকাৰীৰ পৰা বন্যপ্ৰাণী সমূহক ৰক্ষা কৰি আছে এক বিশেষ প্ৰজাতিৰ কুকুৰে।
প্ৰতিবছৰে ৩ মাৰ্চৰ দিনটো সমগ্ৰ বিশ্বতে বন্যপ্ৰাণী দিৱস হিচাপে পালন কৰা হয়। বন্যপ্ৰাণী সমূহৰ সংৰক্ষণৰ বাবে বিশ্ববাসীয়ে পালন কৰে এই দিৱস। আজি বন্যপ্ৰাণী দিৱসৰ দিনা আমি ইষ্ট ম’জ’ অসমে পঢ়ুৱৈ সকলক পৰিচয় কৰাই দিম এক বিশেষ প্ৰজাতিৰ কুকুৰৰ সৈতে। এই বিশেষ প্ৰজাতিৰ কুকুৰৰ আছে অসমৰ বন্যপ্ৰাণী সমূহ সংৰক্ষণৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ অৰিহণা।
এই কুকুৰ সমূহ সাধাৰণ কুকুৰ নহয়। এই কুকুৰ সমূহ হৈছে এক বিশেষ প্ৰজাতিৰ কুকুৰ। অসমৰ ৰাষ্ট্ৰীয় উদ্যান আৰু অভয়াৰণ্য সমূহত এই বিশেষ প্ৰজাতিৰ কুকুৰে বনকর্মী সকলক সহায় কৰে চোৰাং চিকাৰ ৰোধ কৰাত। চোৰাং চিকাৰী বিৰোধী অভিযানৰ বাবে কুকুৰক নিয়োজিত কৰি গঠন কৰা হৈছে K-9 ইছকোৱাৰ্ড।
অসমত থকা ৬ টাকৈ K-9 ইছকোৱাৰ্ড গঠিত বেলজিয়ান মেলিনৈইছ নামৰ বিশেষ প্ৰজাতিৰ কুকুৰেৰে বনকর্মী সকলক সহায় কৰে চোৰাং চিকাৰী বিৰোধী অভিযানৰ সময়ত। বৰ্তমানলৈকে এই কুকুৰৰ সহায়ত বন বিভাগে ৮০ টাতকৈও অধিক চোৰাং চিকাৰী বিৰোধী অভিযানত সাফল্য লাভ কৰিছে।
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত তিনিটা, ওৰাং আৰু মানাহ ৰাষ্ট্ৰীয় উদ্যানত এটা আৰু পবিতৰা অভয়াৰণ্যত আছে এটা বেলজিয়ান মেলিনৈইছ কুকুৰ। ২০১১ চনত প্ৰথমে বেলজিয়ান মেলিনৈইছ প্ৰজাতিৰ এটা কুকুৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত চোৰাং চিকাৰী বিৰোধী অভিযানত নিয়োজিত কৰা হৈছিল। অসমত বন্যপ্ৰাণীৰ চিকাৰ ৰোধ হোৱাৰ ক্ষেত্ৰত এই বেলজিয়ান মেলিনৈইছ কুকুৰৰ বিশেষ অৰিহণা আছে।
এসময়ত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত চোৰাং চিকাৰীয়ে ধাৰাবাহিকভাৱে গঁড় নিধনযজ্ঞ চলাই থকাৰ ফলত অসমত এশিঙীয়া গঁড়ৰ অস্তিত্বত সংকট আহি পৰিছিল। বৰ্তমান বন বিভাগৰ বাবে অতি গুৰুত্বপূৰ্ণ অস্ত্ৰ হৈ উঠা এই বেলজিয়ান মেলিনৈইছ কুকুৰৰ বাবেই কাজিৰঙাত গঁড় হত্যা ৰোধ কৰাত কিছু সহায়ক হৈছে।