গুৱাহাটীঃ মহানগৰী গুৱাহাটীত কোভিডৰ ভুৱা প্ৰমাণপত্ৰ দি গ্ৰেপ্তাৰ লেব টেকনিচিয়ান।
বেংক বিষয়াক কোভিড ৰিপ’ৰ্ট নিগেটিভ বুলি ভুল প্ৰমাণপত্ৰ দিছিল এপ’ল’ হাস্পতালত কৰ্মৰত ইমাতুল হুছেইন নামৰ যুৱকজনে।
বেংক বিষয়াজনৰ সন্দেহ ওপজাত কৰোৱাইছিল কোভিড টেষ্ট।
টেকনিচিয়ানজনে দিয়া কোভিড ৰিপ’ৰ্ট বেংকত জমা দি বিমোৰত পৰে বিষয়াজন।
বিষয়াজনক দিছিল বেলেগৰ কোভিড ৰিপ’ৰ্ট।
কোভিড পৰীক্ষাৰ নামত প্ৰৱঞ্চনা কৰাৰ অভিযোগত লেব টেকনিচিয়াজনৰ বিৰুদ্ধে বশিষ্ঠ আৰক্ষীৰ কাষ চাপে বেংক বিষয়া।
বৃহস্পতিবাৰে নিশাই বেলতলাৰ গেলেক্সি এপাৰ্টমেন্টৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ইমাতুল হুছেইনক।