গুৱাহাটী : আৰক্ষীৰ তদন্ত অব্যাহত আছে। বৃদ্ধ দম্পতীৰ হত্যাকাণ্ডৰ ৰহস্য এতিয়াও ফাদিল হোৱা নাই। নিশা আন এজন লোকক আটক। ইতিমধ্যে কেয়াৰটেকাৰ আকাশ চৌধুৰীক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।

মহানগৰী বেলতলাৰ ছাৰ্ভেৰ চন্দন নগৰত সংঘটিত হোৱা বৃদ্ধ দম্পতীৰ হত্যাকাণ্ডৰ ৰহস্য এতিয়াও ফাদিল কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষী। মহানগৰ আৰক্ষীয়ে হত্যাকাণ্ডৰ তদন্ত চলাই আছে যদিও এতিয়াও আৰক্ষীয়ে সফলতা লাভ কৰিবলৈ সক্ষম হোৱা নাই।

আৰক্ষী আয়ুক্তৰ মতে,গুৱাহাটীৰ হত্যাকান্ডৰ ঘটনাত কেয়াৰ টেকাৰ আকাশ চৌধুৰী জড়িত । বৰুৱা পৰিয়ালটোৱে
অটো কিনি দিছিল, সন্তানক পঢ়ুৱাইছিল ইংলিছ মিডিয়াম স্কুলত । ইয়াৰ পিছতো নৃশংস ভাবে হত্যা কৰিলে বৃদ্ধা দম্পত্তিক ঘাতক আকাশে । আৰক্ষীৰ আগত এতিয়াও স্বীকাৰ কৰা নাই কেয়াৰ টেকাৰ আকাশে । আৰক্ষীয়ে ন্যায়ালয়ত হাজিৰ কৰোৱাই সাত দিনৰ বাবে জিম্মাত লয় ।

ননী বৰুৱা আৰু তেওঁৰ পত্নী মীনা বৰুৱাৰ নৃশংস হত্যাকাণ্ডৰ পিছতে আৰক্ষীয়ে কেয়াৰটেকাৰ আকাশ চৌধুৰী আৰু তেওঁৰ পত্নীক আটক কৰি জেৰা চলায়। জেৰাৰ পিছত আৰক্ষীয়ে আকাশ চৌধুৰীৰ পত্নীক যাবলৈ দিয়ে যদিও গ্ৰেপ্তাৰ কৰে আকাশ চৌধুৰীক।

ইয়াৰ পিছতে আৰক্ষীয়ে নিশাৰ ভাগত অন্য এজন লোকক আটক কৰি জেৰা চলায়। নিশাৰ ভাগত আৰক্ষীয়ে বুদ্ধদেৱ ওৰফে বাবুল নামৰ এজন লোকক আটক কৰে। আৰক্ষীয়ে আটক কৰা সকলোকে দিছপুৰ থানাত ৰাখি জেৰা চলাই আছে।

লগতে পঢ়ক : দীপান্বিতাৰ পূৰ্বে কামপুৰত বৃদ্ধি পাইছে মৃৎ শিল্পীসকলৰ ভীষণ ব্যস্ততা

উল্লেখ্য যে ননী বৰুৱা আৰু তেওঁৰ পত্নী মীনা বৰুৱাক অতি নৃশংসভাৱে দুৰ্বৃত্তই হত্যা কৰিছিল। এই হত্যাকাণ্ডৰ লগত জড়িত থকাৰ সন্দেহত অপৰাধ নিয়ন্ত্ৰণ শাখাই দুজন লোকক আটক কৰিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,870 other subscribers

Leave a comment

Leave a Reply