দক্ষিণ শালমাৰা : দেশ স্বাধীনতা লাভ কৰাৰ ৭৫ বছৰ উপলক্ষে মঙলবাৰে দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ মানকাচৰ খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ত চৰকাৰীভাৱে বিধৱা পেঞ্চন লাভ কৰা বিধৱা মহিলা সকলক লৈ মহোৎসৱৰ আয়োজন কৰা হয়। মানকাচৰ খণ্ড উন্নয়ন বিষয়া জামিৰুল ইছলামৰ উপস্থিতিত আয়োজন কৰা মহোৎসৱত খণ্ড উন্নয়নৰ অধীনস্থ বিভিন্ন গাঁৱৰ শতাধিক বিধৱা মহিলা অংশগ্ৰহণ কৰে।
স্বামীৰ অকাল মৃত্যু হোৱাৰ পিছৰে পৰা চৰকাৰে বিধৱা মহিলা সকলক প্ৰতি মাহে বিধৱা পেঞ্চন দি অহাত বিধৱা মহিলাসকল উপকৃত হৈছে বুলি মহোৎসৱত অংশগ্ৰহণ কৰা মহিলাসকলে মত প্ৰকাশ কৰে। বিধৱা মহিলা সকলে চৰকাৰৰ এই পদক্ষেপৰ শলাগ লয়। একেদৰে প্ৰতি মহে বিধৱা হিতাধিকাৰী সকলে মাত্ৰ ৩০০ টকা লাভ কৰাত তেওঁলোকৰ পৰিয়াল চলিবলৈ অসুবিধা হোৱাত ধনৰ পৰিমাণ বৃদ্ধি কৰিবলৈ চৰকাৰলৈ আহ্বান জনায় নিলিমা সাহা আৰু নমিতা সাহা নামৰ দুই হিতাধিকাৰীয়ে।
লগতে পঢ়ক : মাজুলীত এগৰাকী পিতৃৰ হিয়া ভগা কান্দোন
মানকাচৰ খণ্ড উন্নয়ন বিষয়া জামিৰুল ইছলামে চৰকাৰৰ এই আচঁনিয়ে সকলোকে উপকৃত কৰিছে বুলি মত প্ৰকাশ কৰি চৰকাৰৰ এই পদক্ষেপৰ শলাগ লয়। আনহাতে মানকাচৰ খণ্ড উন্নয়ন বিষয়া জামিৰুল ইছলামে বিধৱা মহিলা সকলকৰ পেঞ্চনৰ ধনৰ পৰিমাণ বৃদ্ধি কৰিবলৈ চৰকাৰৰ ওচৰত দাবী জনায়।