নিউজ ডেস্কঃ শেহতীয়াকৈ কেন্দ্রীয় বিত্ত মন্ত্রী নির্মলা সীতাৰমণৰ দ্বাৰা ২০২৩-২৪ বিত্তীয় বৰ্ষৰ বাজেটত সংসদত দাখিল কৰা হৈছে। যাৰা দ্বাৰা অনুপ্ৰাণিত হৈ ৰাজ্য চৰকাৰখনে ২০২৩-২৪ বিত্তীয় বৰ্ষৰ বাবে দাখিল কৰিব লগীয়া বাজেটত কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা কৰাৰ সম্ভাৱনা আছে।

বিত্ত বিভাগৰ এক সূত্ৰৰ পৰা জানিব পৰা অনুসৰি, এইবাৰৰ বাজেটত নাথাকিব কোনো নতুন হিতাধিকাৰীৰ সৃষ্টিৰ আঁচনি। ৰাজ্যৰ আন্তঃগাঁথনি নিৰ্মাণ, শিক্ষা আৰু স্ব-নিয়োজনৰ ক্ষেত্ৰত সৰ্বাধিক গুৰুত্ব দিয়া হ’ব ২০২৩-২৪ বৰ্ষৰ বাজেটত।

সম্প্ৰতি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ পৰামৰ্শ অনুসৰি বাজেট প্রস্তুতত ব্যস্ত ৰাজ্যৰ বিত্ত মন্ত্ৰী অজন্তা নেওগ। এখন জনকল্যাণমুখী বাজেট প্রস্তুত কৰাৰ ক্ষেত্ৰত গুৰুত্ব দিছে বিত্ত মন্ত্ৰীগৰাকীয়ে। যাৰ বাবে বিভিন্ন চৰকাৰী বিভাগৰ লগতে উদ্যোগপতিসকলৰ সৈতেও মন্ত্ৰীগৰাকী বৈঠকত মিলিত হৈ সকলোৰে পৰা দিহা-পৰামৰ্শ লৈছে।

উল্লেখযোগ্য যে, অহা ১০ মাৰ্চৰ পৰা ৫ এপ্ৰিললৈ চলিব ২০২৩-২৪ ৰ বাজেট অধিৱেশন। যিহেতু, নতুন শিক্ষা নীতি প্রযোজ্য কৰাৰ বাবে প্ৰয়োজনীয় সেইবাবে শিক্ষা বিভাগত অধিক ধন ধাৰ্য কৰাৰ সম্ভাৱনা আছে এইবাৰৰ বাজেটত। লগতে সূত্ৰটোৱে জানিব দিয়া অনুসৰি, অৰুণোদয় আঁচনি আৰু বিনামূলীয়া চিকিৎসা আদিৰ ক্ষেত্ৰতো ধন বৃদ্ধি কৰা হ’ব সম্ভাৱনা আছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,839 other subscribers

Leave a comment

Leave a Reply Cancel reply