গুৱাহাটী- অসমীয়া সমাজত পঁইতা ভাত হৈছে সকলোৰে প্ৰিয় খাদ্য। গৰমৰ দিনত এতিয়াও পঁইতা ভাত যথেষ্ট জনপ্ৰিয় খাদ্য। ভাত হৈছে সম্পূৰ্ণৰূপে কাৰ্বোহাইড্ৰেটেৰে তৈয়াৰী হোৱাৰ বাবে ই শক্তিৰ উৎস। দেহত বিভিন্ন পাচন প্ৰক্ৰিয়াৰ দ্বাৰা কাৰ্বোহাইড্ৰেট সৰল শৰ্কৰালৈ ৰূপান্তৰিত হয়। সৰল শৰ্কৰাই গ্লুকোজ হিচাপে শৰীৰত শক্তিৰ যোগান ধৰে আৰু গ্লুকোজৰ পৰিমাণ অধিক হ’লে চৰ্বি হিচাপে সঞ্চিত কৰে। কিন্তু পঁইতাভাতৰ দ্বাৰা শৰীৰত অধিক কেলৰি অথবা চৰ্বি সঞ্চিত নহয়।
পঁইতা ভাতৰ উপকাৰীতাবোৰ এনে ধৰণৰ-
১/ সাধাৰণতে ভাত ১২ ঘন্টালৈ পানীত তিয়াই থ’লে তাত বহুতো উপকাৰী বেক্টেৰিয়া সংশ্লেষিত হয়। তাৰোপৰি লেকটিক এচিডআৰু ভিটামিন-‘বি’ উৎপন্ন হয়। পানীত তিয়াই থোৱা ভাতত পটাচিয়াম আৰু আয়ৰণৰ মাত্ৰা দুগুণ বৃদ্ধি পায়।
২/ ১০০ গ্ৰাম গৰম ভাতত ৩.৪ মিলিগ্ৰাম আয়ৰণ থকাৰ বিপৰীতে এৰাতি তিয়াই থোৱা পঁইতা ভাতত আয়ৰণৰ মাত্ৰা ৭৩.৯১ মিলিগ্ৰাম পোৱা যায়।
৩/ উখুৱা চাউলৰ পঁইতা ভাতৰ পৰা লাভ কৰা ভিটামিন ‘বি-১২’ৰ দ্বাৰা ব্যক্তিৰ শৰীৰ মজবুত হয় আৰু ভাগৰুৱা ভাব দূৰ কৰাৰ লগতে কৰ্ম শক্তি বৃদ্ধি কৰে।
৪/ পঁইতা ভাতৰ পৰা লাভ কৰা ভিটামিন-‘বি’ আৰু মাইক্ৰো-অৰ্গেনিজমবিলাকৰ বাবে পাকস্থলীত হোৱা ঘা নিৰাময়তো সহায়ক হয়।
৫/ পঁইতা ভাত ৰঙা চাউলৰ বা উখুৱা চাউলৰ অধিক পৰিমাণৰ পটাচিয়াম থাকে। এই পটাচিয়াম অধিক মাত্ৰাত থকা খাদ্যৰ দ্বাৰা মানুহৰ ৰক্তচাপ নিয়ন্ত্ৰিত হৈ থাকে।