উৎস : টুইটাৰ

নিউজ ডেস্ক : বাংগালুৰত এগৰাকী বাংলাদেশী যুৱতীক শাৰীৰিক অত্যাচাৰ আৰু ধৰ্ষণ কৰা ঘটনাৰ সৈতে জড়িত মূল অপৰাধীক বুধবাৰে আৰক্ষী গুলীচালনা কৰে। অভিযোগ মতে অভিযুক্তজনে আৰক্ষীক আক্ৰমণ কৰি পলাবলৈ চেষ্টা কৰোঁতে আৰক্ষীয়ে তেওঁলৈ গুলী চলায়।

উল্লেখযোগ্য যে যোৱা ২৬ মে’ত বিভিন্ন সামাজিক মাধ্যমত ভাইৰেল হৈ পৰা এক ভিডিঅ’ত এগৰাকী মহিলাসহ কেইবাজনো লোকে এগৰাকী যুৱতীৰ ওপৰত শাৰীৰিক আৰু যৌন অত্যাচাৰ চলোৱা দেখা গৈছিল।

প্ৰথমে ভুক্তভোগী যুৱতী গৰাকী উত্তৰ-পূবৰ বুলি অনুমান কৰা হৈছিল যদিও পিছত নিৰ্যাতিতা যুৱতী গৰাকীৰ লগতে আটাইকেইগৰাকী অভিযুক্ত বাংলাদেশী নাগৰিক বুলি ঢাকা আৰক্ষীয়ে চিনাক্ত কৰে।

এই ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত বাংগালুৰু আৰক্ষীয়ে ১০ লোকক গ্ৰেপ্তাৰ কৰিছে। ইয়াৰ পূৰ্বেও এবাৰ দুজন অভিযুক্তই পলাবলৈ চেষ্টা কৰোতে আৰক্ষীয়ে তেওঁলোকক গুলীয়াবলৈ বাধ্য হৈছিল।

আজি আৰক্ষীয়ে গুলী চলোৱা মূল অভিযুক্তজনক ছাহবাজ বুলি চিনাক্ত কৰা হৈছে। লোকজনে তেওঁক আটক কৰিবলৈ যোৱা আৰক্ষীৰ দলক চোকা অস্ত্ৰৰে আক্ৰমণৰ চেষ্টা চলাই বুলি আৰক্ষীৰ এক সূত্ৰই জানিবলৈ দিয়ে।

 পিছত আৰক্ষীৰ গুলীত লোকজনে ভৰিত আঘাতপ্ৰাপ্ত হয় আৰু তেওঁক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,219 other subscribers

Leave a comment

Leave a Reply