গুৱাহাটী : বেণু মিশ্ৰ সোঁৱৰণি এন আৰ এল বঁটা ২০২২ ঘোষণা কৰা হৈছে। এই বঁটাৰ বাবে মনোনীত প্ৰথম গৰাকী শিল্পী হ’ল ৰবিৰাম ব্ৰহ্ম। ১৯৫২ চনত জন্মগ্ৰহণ কৰা ৰাজ্যখনৰ এগৰাকী জ্যেষ্ঠ শিল্পী ৰবিৰাম ব্ৰহ্ম ওদালগুৰি জিলাৰ শিল্প গ্ৰামৰ প্ৰধান উদ্যোক্তা। বৰোডা এম এছ বিশ্ববিদ্যালয়ৰ পৰা কলা শিক্ষা গ্ৰহণ কৰি অসমৰ স্থানীয় পৰিৱেশত আজীৱন শিল্পচৰ্চা কৰা ৰবিৰাম ব্ৰহ্ম বৰ্তমানে ন ন সৃষ্টিৰে কৰ্মৰত হৈ আছে।
লগতে পঢ়কঃন্যায় বিচাৰি হাতে হাতে বেনাৰ-পোষ্টাৰ লৈ মহানগৰীত সাংবাদিকৰ প্ৰতিবাদ
এই বঁটাৰে সন্মানিত দ্বিতীয় গৰাকী শিল্পী হ’ল মন্টু দাস। ১৯৮৫ চনত গুৱাহাটীত জন্মগ্ৰহণ কৰা এই গৰাকী উদদীয়মান আৰু প্ৰতিভাসম্পন্ন শিল্পীয়ে বিশ্বভাৰতী কলাভৱনৰ পৰা চিত্ৰকলাত স্নাতকোত্তৰ ডিগ্ৰী গ্ৰহণ কৰি বিভিন্ন কলা মাধ্যমৰ সংমিশ্ৰণেৰে সমকালীন শিল্পৰ শেহতীয়া সৃষ্টি প্ৰবাহক নিজৰ কৰ্মৰাজিত প্ৰতিফলিত কৰি ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত সুনাম অর্জন কৰিবলৈ সক্ষম হৈছে।
অহা ৬ মাৰ্চত গুৱাহাটীৰ বিবেকানন্দ প্ৰেক্ষাগৃহত এটি বঁটা প্ৰদান কাৰ্যসূচীৰ আয়োজন কৰা হ’ব। বঁটাৰ বাবে মনোনীত জ্যেষ্ঠ শিল্পী গৰাকীলৈ নগদ ডেৰ লাখ টকা, স্মাৰক আৰু মানপত্ৰ আগবঢ়োৱা হ’ব। আনহাতে উদীয়মান শিল্পী গৰাকীলৈ নগদ এক লাখ টকা, স্মাৰক আৰু মানপত্ৰ আগবঢ়োৱা হ’ব।