যোৰহাট : ইষ্টানবুল আন্তঃৰাষ্ট্ৰীয় চুটি ছবি প্ৰতিযোগিতাত চুটি ছবি ‘অনীহা’ৰ বাবে পূৰৱ শৰ্মাই শ্ৰেষ্ঠ চিনেমেটোগ্ৰাফাৰ পুৰস্কাৰ লাভ কৰিছে। পূৰৱ শৰ্মা যোৰহাট স্পীঙ ডেল হাইস্কুলৰ দশম শ্ৰেণীৰ ছাত্ৰ। যোৰহাটৰ এন্ জে প্ৰডাকচনৰ বেনাৰত নয়ন জ্যোতি শৰ্মাৰ প্ৰযোজনাত নিৰ্মিত চুটি ছবি ‘অনীহা’ই ইতিমধ্যে কেইবাটাও ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত পুৰস্কাৰ বুটলিবলৈ সক্ষম হৈছে।
অহা ৬, ৭ আৰু ৮ নৱেম্বৰত বাংগালোৰত অনুষ্ঠিত হ’বলগীয়া ৰাষ্ট্ৰীয় চুটি ছবি মহোৎসৱত ‘অনীহা’ই ইতিমধ্যে মুঠ নটা শিতানত মনোনয়ন লাভ কৰিছে আৰু ইয়াৰ মূল এৱাৰ্ড অনুষ্ঠান অহা ৭ নবেম্বৰত বাংগালোৰত অনুষ্ঠিত হ’ব। ইয়াৰ বাবে প্ৰযোজকে বিশেষ নিমন্ত্ৰণ লাভ কৰিছে আৰু উপস্থিত থাকিব।যোৱা ৫ জুনত পৰিৱেশ দিৱসৰ দিনা মুক্তি পোৱা ছবিখনৰ কাহিনী আৰু পৰিচালনা পূৰৱ শৰ্মা আৰু মৃগাংক মাইনাৰ, চিনেমেটোগ্ৰাফাৰ আৰু ড্ৰণ পৰিচালনা পূৰৱ শৰ্মা আৰু সম্পাদনা মৃগাংক মাইনাৰ।
লগতে পঢ়ক : মঙ্গলদৈত ই-ৰিস্কা চুৰি কাণ্ডৰ মূল অপৰাধী গ্ৰেপ্তাৰ
সংগীত মুম্বাইৰ সপোন শইকীয়াৰ। সহযোগী পায়েল শৰ্মা। সাম্প্ৰতিক কালৰ পৰিৱেশ সম্পৰ্কীয় এক বাস্তৱ কাহিনীৰ আধাৰত নিৰ্মিত চুটি ছবিখনত অভিনয়ত আছে মানবেন্দ্ৰ শৰ্মা, চন্দন ঠাকুৰ, বিনোদ গগৈ, পাৰ্থ প্ৰতীম শৰ্মা আৰু আশাতৰা শৰ্মা।