নিউজ ডেস্কঃ ৭ তম ভাৰতীয় বিশ্ব চলচ্চিত্ৰ মহোৎসৱৰ বঁটা ঘোষণা। চলচ্চিত্ৰ মহোৎসৱত এইবাৰ জিলিকিল অসমীয়া ছবি “মেড ইন নলবাৰী”। তনুজ নাথৰ পৰিচালনাৰে নিৰ্মিত ছবিখনে হায়দাৰাবাদত অনুষ্ঠিত ভাৰতীয় বিশ্ব চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ চলচ্চিত্ৰ (জুৰী) বঁটা আজুৰি আনিবলৈ সক্ষম হৈছে।
ইয়াৰ পূৰ্বে ছবিখনে গেংটক আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ ফিচাৰ ফিল্মৰ খিতাপ পোৱাৰ লগতে গোল্ডেন ফাৰ্ণ চলচ্চিত্ৰ বঁটা পাবলৈ সক্ষম হৈছিল।
“মেড ইন নলবাৰী” ছবিখনৰ কাহিনী ঝুলন কৃষ্ণ মহন্তৰ আৰু প্ৰযোজনা কৰিছে উমেশ নাথে। ছবিখনত জনপ্ৰিয় অভিনেতা অৰুণ নাথ, বিভূতি ভূষণ হাজৰিকা আৰু জিণ্টু কুমাক কাশ্যপে মুখ্য চৰিত্ৰ অভিনয় কৰিছে। তাৰ সমান্তৰাল কৈ স্বাগতা ভৰালী, ডলি কলিতা আৰু নৰ্মদা দাসে ছবিখনৰ গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰা দেখা গৈছে।
মাজুলীৰ পৰা যাত্ৰা আৰম্ভ হোৱা ছবিখনৰ কাহিনী নলবাৰীত গৈ শেষ হয়। টেক্সীত আৰম্ভ হোৱা ছবিখনৰ যাত্ৰাত তিনিজন মানুহৰ জীৱনৰ বিভিন্ন পৰ্যায়ৰ সময়ৰ ঘটনাক দেখুওৱা হৈছে।
উল্লেখযোগ্য যে, ছবিখনৰ পৰিচালক তনুজ নাথ এগৰাকী ছবি নিৰ্মাতা হোৱাৰ লগতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সংবাদিকতা আৰু গণ সংযোগ অধ্যয়ন কেন্দ্ৰৰ এজন সহকাৰী অধ্যাপক।
লগতে পঢ়ক – গুৱাহাটীত আৰম্ভ “গ্ৰেটাৰ গুৱাহাটী বেবী লীগ”ৰ ছিজন ৩