অনলাইনত বস্তু অৰ্ডাৰ দিয়াৰ পৰা আৰম্ভ কৰি দোকানৰ পৰা সামগ্ৰী ক্ৰয় কৰাৰ বাবদ বা আন বিভিন্ন কাৰণত টকা আদান প্ৰদানৰ ক্ষেত্ৰত আজিৰ দিনত সততে আমি ব্যৱহাৰ কৰা এক পদ্ধতি হৈছে UPI সেৱা বা Unified Payment Interface। এই পদ্ধতিৰ জৰিয়তে যথেষ্ট সহজেই টকা ট্ৰান্সফাৰ কৰিব পাৰি, যাৰ বাবে প্ৰায় সকলোৱে আজিকালি টকা ট্ৰান্সফাৰৰ ক্ষেত্ৰত UPI ব্যৱহাৰ কৰে। কিন্তু সমান্তৰালভাৱে UPI -ৰ জৰিয়তে গ্ৰাহকক বিভিন্ন প্ৰকাৰে প্ৰৱঞ্চনা কৰা ঘটনাও দিনক দিনে বৃদ্ধি পাব ধৰিছে।
গতিকে গ্ৰাহকে টকাৰ আদান-প্ৰদান কৰিবলৈ গৈ প্ৰৱঞ্চকৰ জালত যাতে ভৰি নিদিয়ে তাৰ বাবে UPI-ৰ জৰিয়তে পইচা ট্ৰান্সফাৰ কৰাৰ সময়ত কেতবোৰ সাৱধনতা অৱলম্বন কৰা দৰকাৰ।
UPI -ত টকা ট্ৰান্সফাৰ কৰিবলৈ গৈ যাতে থগ খাব লগা নহয় তাৰ বাবে তলত পাঁচটা টেকনিক উল্লেখ কৰা হৈছে –
১. অপৰিচিত ব্যক্তি, ফোন নম্বৰ
পৰাপক্ষত অচিনাকী বা সন্দেহজনক ফোন নম্বৰ বা লোকৰ সৈতে UPI transaction কৰিব নালাগে। পৰাপক্ষত open web sources-ত শ্বেয়াৰ কৰা ফোন নম্বৰসমূহ এৰাই চলক। যিকোনো transaction কৰাৰ আগেয়ে সদায়ে লোকজনৰ পৰিচয় ভালদৰে নিশ্চিত হৈ লোৱা দৰকাৰ।
২. PIN কেতিয়াও নজনাব
বিভিন্ন সময়ত ধন লাভ কৰা বুলি কৈ PIN বিচাৰি আপোনালৈ ফোন বা মেছেজ আহিব পাৰে। কেতিয়াও এনে জালত ভৰি নিদিব কাৰণ বেংকে কেতিয়াও কোনো কাৰণতে আপোনাৰ PIN নিবিচাৰে।
৩. অচিনাকী payment অনুৰোধ
বেছিভাগ UPI এপতে একোটা SPAM ফিল্টাৰ থাকে যি কেতবোৰ বিশেষ UPI ID-ৰ পৰা অহা payment অনুৰোধ নিৰীক্ষণ কৰে। সন্দেহজনক যেন পালেই আপোনাক এক বিশেষ সতৰ্কতামূলক জাননী কৰি দিয়া হয়। এনে ক্ষেত্ৰত উক্ত লোকজন প্ৰৱঞ্চক নহয় বুলি আপুনি সম্পূৰ্ণ নিশ্চিত হোৱাৰ পিছতহে payment কৰাৰ সিদ্ধান্ত লওক।
৪. ভূৱা UPI এপৰ পৰা সাৱধান
এনে বহু এপ আছে যিসমূহ দেখাত বেংকৰ এপৰ নিচিনা লাগে আৰু সহজতেই ডাউনল’ড কৰিব পাৰি। আপুনি যদি কেনেবাকৈ এনে এপ ইন্সটল কৰে আপোনাৰ ব্যক্তিগত তথ্য গৈ প্ৰৱঞ্চকৰ হাতত পৰিব। Citi bank-এ গ্ৰাহকসকলক Modi Bhim, BHIM Payment-UPI Guide, Bhim Modi App, BHIM Banking Guide আদি ভূৱা এপ ডাউনল’ড নকৰিবলৈ পৰামৰ্শ দিছে।
৫. কেইটামান কথা সদায় মনত ৰাখিব
- আপুনি চিনি নোপোৱা কোনো লোকক PIN নিদিব।
- অচিনাকী লোকৰ পৰা অহা ই-মেইল বা লিংক ক্লিক নকৰিব।
- কেৱল সুৰক্ষিত WiFi নেটৱৰ্কহে ব্যৱহাৰ কৰিব।
- আপোনাৰ বেংক একাউণ্টত কিবা কথাকলৈ সন্দেহ ওপজিলে তৎক্ষণাত বেংকৰ সৈতে যোগাযোগ কৰক।
লগতে পঢ়ক – গুৱাহাটীত মুকলি হ’ল প্ৰথমখন ‘ট্ৰান্সজেণ্ডাৰ টি ষ্টল’