গুৱাহাটী : মূল্যবৃদ্ধিয়ে ৰাইজক জলাকলা খুৱাইছে। পেট্ৰ’ল, ডিজেলৰ লগতে খাদ্য সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে সৰ্বসাধাৰণ ৰাইজক মাধমাৰ সোধাইছে। চৰকাৰখনো ব্যস্ত ৰাইজক মূল্যবৃদ্ধিৰ পৰা পৰিত্ৰাণ দিয়াৰ বাবে।
শাসকীয় দলৰ নেতা-বিধায়ক সকলে এনে হাত সাৱটি বহি থকা নাই। মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰাৰ বাবে শাসকীয় দলৰ নেতা-বিধায়ক সকল উপায় বিচৰাত ব্যস্ত। ইয়াৰ মাজতে শাসকীয় দলৰ নেতা-বিধায়কৰ লগতে সভাপতিয়ে এটাৰ পিছত আনটো পৰামৰ্শৰে ৰাইজক সকাহ দিয়াৰ চেষ্টা চলাই আছে।
মিঠাতেলৰ মূল্যবৃদ্ধি হৈছে গতিকে মিঠাতেল কমকৈ খাবলৈ ৰাজ্যিক বিজেপিৰ সভাপতি ভবেশ কলিতাই ৰাইজক পৰামৰ্শ দিছে। ৰাজ্যিক বিজেপিৰ সভাপতি গৰকীয়ে লগতে ৰাইজক সকাহ দিয়াৰ বাবে কয় যে শাসকীয় দলৰ নেতা-বিধায়ক সকলে হাত সাৱটি বহি থকা নাই, মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰাৰ বে উপায় বিচাৰি আছে।
লগতে পঢ়ক : উচ্ছেদৰ বলি হোৱা ঢলপুৰৰ সহস্ৰাধিক ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যতৰ ওপৰত অনিশ্চয়তাৰ কলিয়া ডাৱৰ
মিঠাতেলৰ দাম বৃদ্ধি হৈছে গতিকে এইবাৰ দীপাৱালীত ৰাইজক কমকৈ মাটিৰ চাকি জ্বালাবলৈ কৈছে ৰাজ্যিক বিজেপিৰ সভাপতি গৰাকীয়ে। ৰাইজক চাইনিজ বস্তু পৰিহাৰ কৰাৰো আহ্বান জনাইছে ৰছজ্যিক বিজেপিৰ সভাপতি গৰাকীয়ে। লগতে মিঠাতেল কমকৈ খাব লাগে বুলিও ৰাইজক পৰামৰ্শ দিছে ভবেশ কলিতাই।