টীয়কৰ ঔগুৰিত উদযাপন কৰিছে ভাই ফোঁটা

টীয়ক:আজি ভাই ফোঁটা।গোৰ্খা সম্প্ৰদায়ৰ মাজত এই উৎসৱ অতি উলহ মালহে উৎযাপন কৰা হয়।দিপাৱলীৰ অমাৱস্যাৰ পাছত শুক্লা দ্বিতীয়া তিথিৰ দিনা উদযাপন কৰা হয় এই বিশেষ উৎসৱ।

এই বিশেষ দিনটোত ভগ্নীসকলে ভাতৃসকলৰ দীৰ্ঘায়ু কমনাৰ অৰ্থে নেদেখাজনৰ শ্ৰীচৰণত সেৱা আগবঢ়াই ভাতৃৰ কপালত ফোঁট অংকন কৰে লগতে উপহাৰৰ আদান প্ৰদান কৰে।

তাৰ সমান্তৰালকৈ ভাতৃ ভগ্নীৰ স্নেহ বন্ধন যাতে আৰু অধিক মজবুত হয় তাৰ কামনা কৰে। টীয়কৰ ঔগুৰি নেপালী গাঁৱতো পূৰ্বৰ পৰম্পৰা ৰক্ষা কৰি গাও খনৰ গোৰ্খা সম্প্ৰদায়ৰ লোকে উৎযাপন কৰে ভাই ফোঁটা উৎসৱ।

আজি গাঁৱখনৰ ঘৰে ঘৰে বিৰাজ কৰিছে উৎসৱ মুখৰ পৰিবেশ।বিবাহসুত্ৰ বা কৰ্মসূত্ৰে বাহিৰত থকা ভগ্নী ভাতৃসকল আহি নিজ নিজ ঘৰত এইদৰে পালন কৰিছে উৎসৱ।

লগতে পঢ়ক- নগাৱত উদ্ধাৰ হ’ল শতাধিক ম’বাইল, গ্ৰেপ্তাৰ দুই যুবক

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply