ক্ষুদ্ৰ চাহ খেতিয়ক সমস্যা

মানকাচৰ : দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ মানকাচৰ থানা এলেকাৰ ভাৰত বাংলাদেশ সীমান্তবৰ্তী ভাটি ঝগৰাৰচৰ গাঁৱত আজি পুৱতি নিশা প্ৰায় ৩ বজাত মানকাচৰ আৰক্ষী আৰু চি আৰ পি এফে যৌথ অভিযান চলাই বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ কৰে।

উল্লেখযোগ্য যে মানকাচৰ আৰক্ষী এক গোপন সূত্ৰৰ ভিত্তিত গাঁও খনৰ ছাফিৰ উদ্দীনৰ পুত্ৰ কাচ্চু মিয়াৰ ঘৰত মানকাচৰ ৪৮ এ বেটেলিয়ান চি আৰ পি এফৰ সহযোগত ড্ৰাগছ বিৰোধী অভিযান চলায়। এই অভিযানৰ উমান পাই কাচ্চু মিয়া ঘৰৰ পৰা পলায়ন কৰে যদিও তেওঁৰ ঘৰৰ চোতাল মাটিৰ তলৰ পৰা ট্রাং ভৰ্তি ২২.৭০০ কেজি ওজনৰ গাঞ্জা উদ্ধাৰ কৰে। গাঞ্জা ব্যৱসায়ী জনে মাটি খান্দি গাঞ্জা খিনি এটা বক্সৰ ভিতৰত ৰাখিছিল। আৰক্ষীয়ে মাটি খান্দি গাঞ্জা খিনি জব্দ কৰাৰ লগতে ড্ৰাগছ ব্যৱসায়ী জনক কৰায়ত্ব কৰাৰ বাবে অভিযান আৰম্ভ কৰিছে।

মন কৰিবলগীয়া বিষয় এয়া যে মানকাচৰ জিলা খন ভাৰত বাংলাদেশ সীমান্তবৰ্তী এলেকা হোৱাৰ সুযোগ লৈ এটা চক্ৰ দীৰ্ঘ দিনৰ পৰা বাংলাদেশত ড্ৰাগছ সৰবৰাহ কৰি আহিছে। কাঁইটীয়া তাৰৰ বেৰ সীমান্তয়েদি ড্ৰাগছ, নিচা জাতীয় সামগ্ৰী দলিয়াই সৰবৰাহ কৰে। ভাৰতৰ ফালৰ পৰা কাঁইটীয়া তাৰৰ বেৰৰ ওপৰেদি সৰবৰাহ হোৱা ড্ৰাগছ বাংলাদেশৰ ফালৰ পৰা সংগ্ৰহ কৰি এক ৰমৰমীয়া ব্যৱসায় চলাই থকা বুলি মানকাচৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া নিতাই চন্দ্ৰ ৰায় জানিবলৈ দিয়ে। কিন্তু ড্ৰাগছ সৰবৰাহকাৰী জনৰ বিৰুদ্ধে আৰক্ষীয়ে অতৰ্কিত ভাবে অভিযান চলোৱাৰ পিছতো কেনেকৈ ড্ৰাগছ সৰবৰাহকাৰী জন পলাব লৈ সক্ষম সেয়াই ৰহস্য সৃষ্টি কৰিছে।

আনহাতে মানকাচৰত এম্বুলেন্সৰ জৰিয়তেও এটা চক্ৰ ড্ৰাগছ সৰবৰাহ কৰে বুলি আৰক্ষীয়ে খবৰ লাভ কৰিছে। বিষয়টো তদন্তৰ বাবে আৰক্ষীয়ে অনুসন্ধান চলাই থকা পৰিলক্ষিত হৈছে।

লগতে পঢ়ক কেঁচা চাহপাতৰ উচিত মূল্য নিৰ্ধাৰণৰ দাবী আছুৰ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,881 other subscribers

Leave a comment

Leave a Reply