টীয়ক: যোৰহাট জিলা ভাওনা সন্মিলনৰ প্ৰথম বাৰ্ষিক প্ৰতিষ্ঠা দিৱসভাগি আজি আড়ম্বৰপূৰ্ণভাৱে এদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হয়। পুৱা বন্তি প্ৰজ্জ্বলন আৰু পতাকা উত্তোলন কাৰ্যসূচী সমাপন কৰে সন্মিলনৰ সভাপতি ডঃ মাণিক শইকীয়াই।

১৫ খন আঞ্চলিক সমিতিৰ বিষয়ববীয়া আৰু সদস্যসকলক শপত বাক্য পাঠ কৰায় তিতাবৰস্থিত কমলাবাৰী সত্ৰৰ সোণাৰাম শৰ্মা বুঢ়াভকতৱে। ইয়াৰ পাছতেই বিশিষ্ট শিল্পী ত্ৰিলোক বৰাৰ পৰিচালনাত ভাওনাপ্ৰেমীসকলৰ মাজত এটি অন্তৰংগ আলাপ অনুষ্ঠান অনুষ্ঠিত হয়। এই অনুষ্ঠানত বহুকেইজন শিল্পী-কলাকুশলীয়ে ভাওনাৰ বচন প্ৰক্ষেপৰ লগতে ভাওনা সন্মিলনক লৈ নিজৰ মত ব্যক্ত কৰে।

মূল সভাত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে শ্ৰীশ্ৰীআউনীআটি সত্ৰৰ সত্ৰাধিকাৰ ডঃ পিতাম্বৰ দেৱগোস্বামীয়ে। তেখেতে সন্মিলনৰ মুখপত্ৰ “ভাওনা প্ৰবাহ” উন্মোচন কৰে। আধ্যাত্মিক শিক্ষা, কলা শিক্ষাৰ আধাৰ ভাওনা বুলি উল্লেখ তেখেতে কয় যে শিশুসকলক গুৰুজনাৰ সৃষ্টিৰ প্ৰতি আগ্ৰহী কৰি তুলিবলৈ সকলোৰে প্ৰতি আহ্বান জনায়।

অনুষ্ঠানত বিশিষ্ট লোকশিল্পী কমলা গগৈৰ দিহানাম পৰিৱেশনে ৰাইজক আপ্লুত কৰে। ঢেকীয়াখোৱাস্থিত মাধৱদেৱ সংগীত মহাবিদ্যালয়ৰ শিশুসকলে বৰগীত পৰিৱেশনেৰে সমগ্ৰ অনুষ্ঠানটিত মাত্ৰা প্ৰদান কৰে।

লগতে পঢ়ক- যোৰহাট জিলাৰ বৰভেটিৰ ন-লগোৱা উৎসৱে ২৫৪ বছৰত ভৰি দিলে

সন্ধ্যা সদ্য প্ৰয়াত স্থানীয় বিশিষ্ট ব্যক্তি, অসম আন্দোলনৰ ছাত্ৰ নেতা বিনয় বেজবৰুৱাদেৱক শ্ৰদ্ধা জনায় বন্তি প্ৰজ্জ্বলন অনুষ্ঠান অনুষ্ঠিত হব আৰুগধুলিলৈ বিষ্ণুপ্ৰিয়া মহিলা শিল্পী সমাজৰ শিল্পীসকলে “ৰুক্মিণী হৰণ” ভাওনা পৰিৱেশন হব বুলি জানিবলৈ দিয়ে উদ্যোক্তা মণ্ডলীয়ে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply