গুৱাহাটীঃ ভৰলুমুখত এলেভেটেড জাংছনৰ ডিজাইনেৰে যানজঁটৰ সমস্যা সমাধানৰ প্ৰস্তাৱত ৰাজ্য চৰকাৰে অনুমোদন জনোৱাত উৎফুল্লিত পশ্চিম গুৱাহাটীবাসী। গুৱাহাটীৰ অন্যতম ব্যস্ত অঞ্চল ভৰলুমুখৰ তীব্ৰ যানজটৰ বাবে সমগ্ৰ পশ্চিম গুৱাহাটীবাসী দীৰ্ঘদিন ধৰি সমস্যাত ভুগি আছিল।
সম্প্ৰতি ৰাজ্যচৰকাৰে এলেভেটেড ৰোড জাংছন নিৰ্মাণৰ অভিনৱ পৰিকল্পনাৰ দ্বাৰা দীৰ্ঘদিনীয়া সমস্যাটো সমাধান কৰিবলৈ ওলোৱাত পশ্চিম গুৱাহাটী নাগৰিক সজাগতা মঞ্চই ৰাজ্যচৰকাৰক আৰু উক্ত পৰিকল্পনাৰ ডিজাইনাৰ,বিশিষ্ট অভিযন্তা জ্যোতিৰিন্দ্ৰ নাৰায়ণ খাটনিয়াৰক ধন্যবাদ জ্ঞাপন কৰিছে।
লগতে পঢ়কঃসৰ্বসাধাৰণৰ ৰাইজৰ ওপৰত উপৰ্যুপৰি বৃদ্ধি কৰা কৰ প্ৰত্যাহাৰৰ দাবী কংগ্ৰেছৰ
গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণৰ জেষ্ঠ্য কাৰিকৰী উপদেষ্টা অভিযন্তা খাটনিয়াৰৰ দ্বাৰা প্ৰস্তুত আঁচনিখন মুখ্যমন্ত্ৰীয়ে যথেষ্ট গুৰুত্ব সহকাৰে গ্ৰহণ কৰে আৰু মাত্ৰ ৪০ দিনৰ ভিতৰতে ৰেলৱে কৰ্তৃপক্ষৰ লগত আলোচনা মৰ্মে ইয়াক অনুমোদন জনায়।
ভৰলুমুখৰ বৰ্তমানৰ পুলিচ পইন্টৰ পৰা ১০ মিটাৰ ওপৰেদি নিৰ্মাণ কৰিবলগীয়া উক্ত এলেভেটেড ৰোড জাংছনৰ ৩৫মিটাৰ ব্যাসাৰ্ধৰ ৰ’টাৰীৰ ওপৰত পদুম ফুলৰ আৰ্হিত এটা ফোৱাৰা নিৰ্মাণ কৰা হ’ব।
উক্ত এলেভেটেড জাংছনৰ নিৰ্মাণৰ কাম দ্ৰুততাৰে সম্পন্ন হব বুলি আশা প্ৰকাশ কৰিছে পশ্চিম গুৱাহাটী নাগৰিক সজাগতা মঞ্চই।