তেজপুৰঃ ঠেলামৰা ৰাজহ চক্ৰ এলেকাৰ বৰছলাৰ ভৰাশিঙৰীত মহাবাহু ব্ৰহ্মপুত্ৰৰ তীব্ৰ খহনীয়া।

গৰা-খহনীয়াই কালৰূপ ধাৰণ কৰাত অঞ্চলটোৰ ৰাইজৰ হেজাৰ হেজাৰ বিঘা কৃষিভূমিৰ লগতে কেইবাখনো জনবসতি প্ৰধান গাওঁ ইতিমধ্যে নৈৰ বুকুত জাহ গৈছে ৷

ব্ৰহ্মপুত্ৰ নদীৰ প্ৰবল খহনীয়াৰ ফলত ভৰাশিঙৰীৰ ছটি পাহাৰত অৱস্থিত ইতিহাস প্ৰসিদ্ধ ঐতিহাসিক হৰ-গৌৰী দেৱালয়লৈ যোৱা মুল পথলৈ তীব্ৰ ভাবুকি আহি পৰিছে ৷

লগতে পঢ়কঃগোলাঘাটৰ বীৰাংগনা সাধনী কলাক্ষেত্ৰ চৌহদত সতী সাধনীৰ প্ৰতিমূৰ্তি উন্মোচন

আনকি ৰাইজৰ ব্যৱসায়স্থলী ভৰাশিঙৰী চেন্টাৰৰ কেইবাখনো দোকান  নৈৰ বুকুত জাহ গৈছে ৷ ইমানৰ পিচতো নীৰৱে আছে ৰাজ্যৰ বিয়াগোম জলসম্পদ বিভাগ ৷

খহনীয়াৰ কবলত পৰা উক্ত ভৰাশিঙৰী অঞ্চলত কৃষক শ্ৰমিক সুৰক্ষা সংগ্ৰাম সমিতি অসমৰ সভাপতি প্ৰশান্ত বৈশ্যৰ নেতৃত্বত সজাতি দল এটাই উপস্থিত হৈ ৰাইজৰ ক্ষয়ক্ষতিৰ বুজ লয় ৷

উক্ত খহনীয়াগ্ৰস্ত অঞ্চল পৰিভ্ৰমণ কৰি কৃষক শ্ৰমিক নেতা প্ৰশান্ত বৈশ্যই চৰকাৰ তথা স্থানীয় জনপ্ৰতিনিধি সকলক তীব্ৰ ভাষাৰে সমালোচনা কৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply