নিউজ ডেস্কঃ দেশৰ উত্তৰ-পূৰ্বাঞ্চলৰ পৰ্যটনৰ ক্ষেত্ৰখনক এক নতুন দিশ দিয়াৰ লক্ষ্যৰে ভাৰতীয় ৰে’লৱেই আৰম্ভ কৰিছে ভাৰত গৌৰৱ ডিলাক্স এচি টুৰিষ্ট ৰে’ল সেৱা। ইয়াক ৰে’ল বিভাগে তথা ভাৰত চৰকাৰে উত্তৰ দৰ্শন বুলি নামকৰণ কৰিছে।

২১ মাৰ্চত দিল্লীৰ ছফদজং ষ্টেচনৰ পৰা বিয়লি ৩.২০ বজাত এই বিশেষ ৰে’লগাড়ী খনৰ যাত্ৰা উত্তৰ-পূৰ্বাঞ্চলৰ অভিমুখে আৰম্ভ হৈছিল।

ভাৰত চৰকাৰৰ বৈদেশিক আৰু সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰ্যালয়ৰ ৰাজ্যিক মন্ত্ৰী মীনাক্ষী লেখীয়ে এই ভাৰত গৌৰৱ ডিলাক্স এচি টুৰিষ্ট ৰে’ল সেৱাৰ যাত্ৰাৰ শুভাৰম্ভ কৰিছিল।

বৃহস্পতিবাৰে দুপৰীয়া এই বিশেষ ভাৰত গৌৰৱ ৰে’লগাড়ী খন গুৱাহাটী ৰে’ল ষ্টেচনত আহি পাইছে।

বিশেষ ৰে’গাড়ীখনত অহা ১৫৬ গৰাকী দেশীয় পৰ্যটকক লামডিং ৰে’লৱে সংমণ্ডলৰ সাংমাণ্ডলিক ৰে’লৱে প্ৰবন্ধক প্রেমৰঞ্জন কুমাৰে গামোচা, ফুলৰ থোপাৰে আদৰণি জনায়।

পৰ্যটকৰ দলটোৱে গুৱাহাটীত উপস্থিত হৈ উমানন্দ মন্দিৰ দৰ্শন কৰে আৰু সন্ধিয়া ব্রহ্মপুত্ৰত নৌকা বিহাৰ কৰে। আজি পৰ্যটকৰ দলটোৱে শক্তিপীঠ কামাখ্যা মন্দিৰৰ দৰ্শন কৰাৰ লগতে গুৱাহাটীৰ অন্যান্য পর্যটনথলী দর্শন কৰিব।

পৰ্যটক দলটোৱে আজি নিশা অৰুণাচল প্রদেশৰ নাহৰলগুন ৰে’ল ষ্টেচন অভিমুখে যাত্ৰা কৰিব অৰুণাচল ভ্ৰণণৰ বাবে।

উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ মুখ্য জনসম্পর্কৰক্ষী বিষয়া সব্যসাচী দে’য়ে জানিবলৈ দিয়ে যে, ভ্রমণ কালত ৰে’লখনে অসমৰ গুৱাহাটী, শিৱসাগৰ, ফৰকাটিং আৰু কাজিৰঙা, ত্ৰিপুৰাৰ ঊনাকোটি, আগৰতলা আৰু উদয়পুৰ, নাগালেণ্ডৰ ডিমাপুৰ আৰু কোহিমা, মেঘালয়ৰ শিলং আৰু চেৰাপুঞ্জী আৰু অৰুণাচল প্ৰদেশৰ ইটানগৰক সামৰি ল’ব।

উল্লেখযোগ্য যে, এই বিশেষ ৰে’লখনত ১৪ পৰা ২০ টা বাতানুকূল দবা দিয়া হৈছে। লগতে, এচি ১ আৰু এচি ২ দুটা স্তৰত টিকত বিক্ৰী কৰিছে ।

এচি-২ স্তৰৰ বাবে টিকটৰ মূল্য প্ৰতিজন ব্যক্তিৰ বাবে ১,০৬,৯৯০ টকাৰ পৰা আৰম্ভ, আনহাতে এচি-১ কেবিনেটৰ বাবে প্ৰতিজন ব্যক্তিৰ টিকতৰ মূল্য ১,৩১,৯৯০ টকাৰ পৰা আৰম্ভ আৰু এচি-১ কুপত প্ৰতিজন ব্যক্তিৰ বাবে ১৪৯২৯০ টকাৰ পৰা আৰম্ভ হৈছে।

টিকত মূল্যৰ সৈতে হোটেলত থকা, ৰে’ল যাত্ৰা, স্থানান্তৰ ব্যয়, আহাৰ, ভ্ৰমণ বীমা, আৰু অন্যান্য আদি অন্তৰ্ভুক্ত ৰখা হৈছে।

ৰে’লখনত চিচিটিভি কেমেৰা, ইলেক্ট্ৰনিক চেফ আৰু প্ৰতিটো ডবাৰ বাবে নিৰাপত্তাৰক্ষী দ্বাৰা সুৰক্ষা প্ৰদান কৰা হৈছে।

১৫ দিনীয়া যাত্ৰা কৰিবলগীয়া এই বিশেষ ৰে’লখনত দুটা ফাইন ডাইনিং ৰেষ্টুৰেণ্ট লগতে এটা পাকঘৰও আছে।

লগতে পঢ়ক – নতুনকৈ বিমান বন্দৰ অধিগ্ৰহণৰ পৰিকল্পনা আদানি গ্ৰুপৰ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,991 other subscribers

Leave a comment

Leave a Reply