বজালীৰ ভট্টদেব বিশ্ববিদ্যালয়ৰ নিলম্বিত শিক্ষয়িত্ৰী জয়শ্ৰী দাসৰ নিলম্বনৰ নিৰ্দেশ প্ৰত্যাহাৰ কৰিছে বিশ্ববিদ্যালয়ে। এগৰাকী ছাত্ৰীক শাস্তি দিয়া ভিডিঅ’ ভাইৰেল কৰাৰ অভিযোগ শিক্ষয়িত্ৰী গৰাকীৰ বিৰুদ্ধে। যোৱা ১৫ মাৰ্চত শিক্ষয়িত্ৰী গৰাকীয়ে বিশ্ববিদ্যালয় কৰ্তৃপক্ষক তেওৰ নিলম্বন পুনৰ বিবেচনা কৰিবলৈ আহ্বান জনাইছিল। সেই ভিত্তিতে আজি নিলম্বন প্ৰত্যাহাৰ কৰাৰ সিদ্ধান্ত লয়।কাইলৈৰ পৰা শিক্ষয়িত্ৰী গৰাকী পুনৰ যোগদান কৰিব পাৰিব বুলি কোৱা হৈছে।
বিশ্ববিদ্যালয় খনত যোৱা ৫ বছৰ ধৰি ঠিকাভিত্তিক শিক্ষক হিচাবে কাম কৰি থকা জয়শ্ৰী দাসৰ বিৰুদ্ধে শিক্ষাৰ্থীৰ এটা হোৱাটছএপ গ্ৰুপত কটু আৰু অশালীন মন্তব্য কৰিছিল এগৰাকী ষষ্ঠ ষন্মাসিকৰ ছাত্ৰীয়ে।
ইয়াকে লৈ শিক্ষয়িত্ৰী গৰাকীয়ে ছাত্ৰীগৰাকীক শাৰিৰীক মানসিক শাস্তি দি গোটেই ঘটনাটোৰ ভিডিঅ’ ভাইৰেল কৰাৰ অভিযোগ উঠে। ছাত্ৰী গৰাকীয়ে শিক্ষয়িত্ৰী গৰাকীক তেও কৰা ভুলৰ বাবে ক্ষমা বিচাৰিছিল।আনহাতে সমগ্ৰ ঘটনা সন্দৰ্ভত ভট্টদেৱ বিশ্ববিদ্যালয়ৰ ছাত্র কল্যাণ পৰিষদৰ আহ্বানত বিশ্ববিদ্যালয়ৰ সভাগৃহত এখন সভা অনুষ্ঠিত হয়।
সভাত বিশ্ববিদ্যালয় ছাত্র কল্যাণ পৰিষদৰ বিষয়ববীয়া, বিশ্ববিদ্যালয় ছাত্র একতা সভাৰ সভাপতি, সম্পাদক সমন্বিতে নেতৃত্ব আৰু প্ৰতিটো বিভাগৰে মুৰব্বী অধ্যাপকৰ মাজত সমগ্র বিষয়টো আলোচনা হয়। য’ত সৰ্বসম্মতি ক্রমে জয়শ্রী দাসক অপসাৰণ কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰা হয়।
পৰৱৰ্তী সময়ত সেই প্ৰস্তাৱ বিশ্ববিদ্যালয়খনৰ উপাচার্যলৈ প্ৰেৰণ কৰা হয়। এই প্ৰস্তাৱৰ ভিত্তিতে বিশ্ববিদ্যালয়ৰ উপাচাৰ্যই জয়শ্রী দাসক তাৎক্ষণিকভাৱে বলৱৎ হোৱাকৈ বিশ্ববিদ্যালয়ৰ পৰা অব্যাহতি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল। আজিৰ সিদ্ধান্তক লৈ বিশ্ববিদ্যালয় খনৰ একাংশ ছাত্ৰৰ মাজত অসন্তুোষ্টি আছে।