বজালীৰ ভট্টদেৱ বিশ্ববিদ্যালয়খনৰ এগৰাকী অধ্যাপিকাই ষষ্ঠ ষান্মাসিকৰ এগৰাকী ছাত্ৰীক শাস্তি মূলক ব্যবস্থা হিচাবে কাণত ধৰাই উঠা-বহা কৰিবলৈ দিয়া কাৰ্যক লৈ সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ।

বিশ্ববিদ্যালয়খনত বিগত ৫ বছৰ ধৰি ঠিকাভিত্তিক ভাৱে নিযুক্তি লাভ কৰা জয়শ্ৰী দাস নামৰ অধ্যাপিকা গৰাকীৰ বিৰুদ্ধে বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীৰ এটা হোৱাটছএপ গ্ৰুপত কটু আৰু অশালীন মন্তব্য কৰাৰ বাবেই ছাত্ৰী গৰাকীৰ বিৰুদ্ধে এই শাস্তিমূলক ব্যবস্থা লয়।

কিন্তু অধ্যাপিকাগৰাকীয়ে ছাত্ৰী গৰাকীক দিয়া শাস্তিৰ সময়ত এগৰাকী ছাত্ৰৰ দ্বাৰা সমগ্ৰ দৃশ্যৰ ভিডিঅ’ বনোৱাই পৰৱৰ্তী সময়ত নিজেই ভাইৰেল কৰাৰো অভিযোগ উঠিছে।

অৱশ্যে ছাত্ৰীগৰাকীয়েও নিজে কৰা ভুলৰ স্বীকাৰ কৰিছে। কিন্তু ছাত্ৰীগৰাকীৰ মতে, অধ্যাপিকা জয়শ্ৰী দাসে প্ৰায়ে ছাত্ৰ-ছাত্ৰীক বেয়া ব্যৱহাৰ কৰি আহিছিল। যাৰ বাবে তেওঁলোকৰ হোৱাটছএপ গ্ৰুপত অধ্যাপিকাগৰাকীৰ নাম উল্লেখ নকৰাকৈ আলোচনা চলিছিল।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply